Your Voice, Our Strength

টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি অসম কন্যা লাভলীনা বৰগোহাঁইৰ।

আজিৰ খবৰ,৩০ জুলাই: অসম কন্যা লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকত প্রথম বাৰলৈ ৰচিলে ইতিহাস৷ অসম তথা দেশবাসীৰ শুভকামনা আৰু আশিস শিৰত লৈ আজি টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙৰ মহাযুদ্ধত জয়ী হৈ সৰুপথাৰৰ জীয়ৰী অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৰচিলে ইতিহাস৷ এখন সৰু গাঁৱৰ পৰা গৈ টকিঅ’ অলিম্পিকত চাইনীজ তাৰকা বক্সাৰক পৰাস্ত কৰি বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত পদক জয় প্ৰায় নিশ্চিত কৰিলে। মুঠতে ফাইনেলত অৱৰ্তীন হব নোৱাৰিলেও বা ছেমিফাইনেলত পৰাস্ত হ’লেও অসম কন্যাৰ শিৰত ওলমিব অলিম্পিকৰ ব্রঞ্জৰ পদক।
শুকুৰবাৰে পুৱা কোৱার্টাৰ ফাইনেলত অৱতীর্ণ হোৱা লাভলীনাই এইবাৰ বিশ্বৰ দ্বিতীয় স্থানপ্রাপ্ত চাইনীজ টাইপেইৰ তাৰকা নিয়েন–চিন চেনক ৪-১ ত পৰাস্ত কৰি নিজৰ পাৰদৰ্শিতা পুনৰবাৰ প্ৰতিষ্ঠা কৰে। লাভলীনাৰ হাতত ধৰাশায়ী হোৱা এইগৰাকী শক্তিশালী প্রতিদ্বন্দ্বী নিয়েন–চিন চেনৰ বিৰুদ্ধে লাভলীনাই ২০১৮ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছিল৷ উল্লেখ্য যে অসমৰ এইটটোৱেই হ’ব অলিম্পিকৰ প্ৰথম পদক । পূৰ্বতে উত্তৰপূবৰ মণিপুৰৰ কেইবাগৰাকী খেলুৱৈয়ে অলিম্পিক পদক জয়ী কৰিছে যদিও
অসমৰ ক্রীড়া ইতিহাসত এতিয়ালৈকে পদক বিজয়ী অলিম্পিয়ানৰ সৃষ্টি হোৱা নাছিল । এইবাৰ সৰুপথাৰৰ জীীয়ৰী অসম কন্যা লাভলীনা বৰগোহাঁয়ে সুবর্ণ সুযোগ লাভ কৰিছে৷। লাভলীনাক লৈ আজি ৰাজ্যবাসী গৌৰাম্বিত লগতে উৎফুল্লিত হৈ পৰিছে । সকলোয়ে আশা কৰিছে লাভলীনাই অলিম্পিকৰ পৰা স্বৰ্ণ পদক আজুৰি আনক ।

You might also like