Your Voice, Our Strength

সাৱধান,কোভিড এতিয়াও শেষ হোৱা নাই

কেইবাখনো ৰাজ্যত নিৰ্দেশনা জাৰি

আজিৰ খবৰ,৩১ জুলাই : ৰাজ্যসমূহত কোভিড পজিটিভিটী এতিয়াও বৃদ্ধি পাই থকাত কেন্দ্ৰীয় চৰকাৰে এক পৰ্যালোচনা কৰো কেইবাখনো ৰাজ্যত পুনৰ সতৰ্কবাণী কৰিছে । জানিব পাৰে যে কোভিড পজিটিভিটী বৃদ্ধি হোৱা ১০খন ৰাজ্য হৈছে কেৰালা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, উৰিষ্যা, অসম, মিজোৰাম, মেঘালয়, অন্ধ্ৰ প্ৰদেশ আৰু মণিপুৰ।

জানিব পৰা মতে দেশৰ ৪৬খন জিলাৰ কোভিড পজিটিভিটীৰ হাৰ ১০%তকৈ অধিক, আনহাতে ৫৩খন জিলাত কোভিড পজিটিভিটীৰ হাৰ ৫% ৰ পৰা ১০%। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি সম্প্ৰতি ১০খন ৰাজ্যত কোভিড পজিটিভিটী বৃদ্ধি পোৱাৰ লগতে এইকেইখন ৰাজ্যত ৮০% তকৈও অধিক সক্ৰিয় কেছ আছে হোম আইচোলেচনত। ইয়াৰ পৰা যাতে অধিক সংক্ৰম নহয় তাৰ বাবে প্ৰতিখন ৰাজ্যক গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাইছে কেন্দ্ৰই । লগতে কেন্দ্ৰই ৰাজ্যসমূহক কোৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ কিছুমান নিৰ্দেশনা জাৰি কৰিছে । জিলাবোৰত সম্পূৰ্ণৰূপে টিকাকৰণ কৰা, ভেকচিনৰ দ্বিতীয় পালিৰ অগ্ৰাধিকাৰ, সংক্ৰমণ নিবিয়পাৰ বাবে হোম আইচোলেচনত থকা লোকসকলৰ নিয়মীয়া নিৰীক্ষণ আৰু লগতে ব্যক্তিগত চিকিৎসালয়ত অক্সিজেন পিএছএ প্ৰকল্প স্থাপন কৰা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ আপডেট তথ্য অনুসৰি আজি পুৱা ৮ বজালৈকে দেশত কোৰোনা ভাইৰাছৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা একেৰাহে চতুৰ্থ দিনৰ বাবে বৃদ্ধি পাইছে। এই ৰোগৰ চিকিৎসা কৰি থকা ৰোগীৰ সংখ্যা ৪,০৮,৯২০ লৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে ।

P&C

You might also like