Your Voice, Our Strength

গেৰুৱা বসন পিন্ধিবলৈ সাজু বিধায়ক সুশান্ত বৰগোহাঁয়ে

বিয়লি তিনি বজাত আনুষ্ঠানিকভাৱে যোগ দিয়ে বিজেপিত

আজিৰ খবৰ, গুৱাহাটী, ১ আগষ্ট : কিছু সময়ৰ পাছতেই গেৰুৱা বস্ত্ৰ পৰিধান কৰিব কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে । ইতিমধ্যে যোগদানৰ পূৰ্বে সাংবিধানিকভাৱে সকলো নীতি নিয়ম পালন কৰি কংগ্ৰেছ দল আৰু বিধান সভাত বিধায়ক পদ দুয়োটাই ত্যাগ কৰিছে কংগ্রেছী বিধায়ক গৰাকীয়ে ।

থাওৰা সমষ্টিৰ কংগ্ৰেছ শিবিৰৰ পৰাও তেওঁ ইতিমধ্যে বিদায় লৈছে । এতিয়া বাকী আছে কেৱল বিজেপিত যোগদানৰ আনুষ্ঠানিকতা । উল্লেখযোগ্য যে, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়ক গৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা আছিল ৷ অৱশ্যে, অধ্যক্ষ গৰাকী অসম-মিজোৰাম সীমান্ত ভ্ৰমণত ব্যস্ত থকাৰ বাবে হাতে হাতে পদত্যাগ পত্ৰ দাখিল কৰাটো সুশান্ত বৰগোঁহাইৰ বাবে সম্ভৱ হৈ নুঠিল । ইতিমধ্যে পদত্যাগ পত্ৰখন অধ্যক্ষলৈ প্ৰেৰণ কৰে । কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে দেওবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰথমে সাক্ষাৎ কৰি তেওঁৰ পৰা আশীস গ্ৰহণ কৰাৰ পিছতে বিয়লি তিনি বজাত আনুষ্ঠানিকভাৱে যোগ দিব বিজেপিত । এই যোগদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাও উপস্থিত থাকিব । উল্লেখ্য যে সুশান্ত বৰগোহাঁইৰ পাছতে তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাইও শীঘ্ৰে গেৰুৱা বসন পিন্ধিব বুলি তিতাবৰত ব্যাপক চৰ্চা চলিছে ।

P&C

You might also like