Your Voice, Our Strength

এটা পাৰ চৰাইয়ে চিন্তাৰ উদ্ৰেক সৃষ্টি কৰিছে সীমান্তৰ আৰক্ষীৰ কিন্তু কিয় পঢ়ক এই প্ৰতিবেদন…

আজিৰ খবৰ ,৩ আগষ্ট : দেখিলেই মৰম লাগি যোৱা এটা ধুনীয়া পাৰ চৰাই । পাৰ চৰাইটোৰ ডিঙিত আৰু দুটা ঠেঙত পিন্ধা আছে দুটা আঙুঠি । লগত আছে ফোন নম্বৰ থকা এখন কাগজ । এই পাৰ চৰাইটোক লৈ এতিয়া মূৰৰ কামোৰণি হৈছে সীমান্তৰ আৰক্ষীৰ । ৰাজস্থানৰ বিকানেৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদ্ধাৰ হৈছে এটা পাৰ চৰাই । পাৰ চৰাইটোৰ ডিঙিত আৰু ভৰিত আছে আঙুঠি । লগতে আছে পাকিস্তানৰ ফোন নম্বৰ লিখা থকা এখন কাগজ । উল্লেখ্য যে বৰ্তমান জম্মু-কাশ্মীৰৰ আকাশত সঘনাই সন্দেহজনক ড্ৰোণ উৰি থকাৰ বাবে স্বাভাৱিকতে নিৰাপত্তাক লৈ আশংকা বৃদ্ধি পাইছে । তেনে পৰিস্থিতিত পাকিস্তানৰ ফোন নম্বৰক লৈ সীমান্তত ঘূৰি ফুৰা এই পাৰ চৰাই উদ্ধাৰ হোৱাটোও চিন্তাৰ বিষয় হৈ পৰিছে সীমান্তৰ আৰক্ষীৰ বাবে । জানিব পৰা মতে প্ৰথমে গাঁৱৰ ৰাইজে পাৰ চৰাইটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে । ।আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পাৰ চৰাইটো মহাজন আৰক্ষী থানাৰ অন্তৰ্গত তেজানা অঞ্চলৰ ওচৰতে দেখা পোৱা গৈছিল । পাৰটোৰ পৰা উদ্ধাৰ কৰা পাকিস্তানৰ ফোন নম্বৰ লিখা থকা কাগজখন উদ্ধাৰ হোৱাৰ পাছতে আৰক্ষীয়ে সকলোকে সতৰ্ক কৰি দিছে । তাৎপৰ্য্য যে ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানৰ পৰা প্ৰেৰণ কৰা বাৰ্তাৰ সৈতে পাৰ চৰাই আৰু বেলুন দেখা পোৱা গৈছিল । আৰক্ষীয়ে জনাইছে যে, এটা পাৰ চৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা উদ্ধাৰ কৰাৰ পিছত যোৱা এবছৰ ধৰি পোগাল আৰক্ষী থানাত ৰখা হৈছে । আনহাতে, এনেদৰে পাকিস্তানৰ ফোন নম্বৰ কোনে প্ৰেৰণ কৰিলে তাক লৈ চিন্তাৰ উদ্ৰেক হৈছে । ইতিমধ্যে এই ঘটনাৰ পাছতে সুৰক্ষা বাহিনীও মহাজন ফায়াৰিং ৰেঞ্জত সষ্টম হৈ আছে । নিৰাপত্তা সংস্থাসমূহে পূৰ্বেও এনে ধৰণৰ বহুতো ঘটনাৰ খবৰ লাভ কৰিছিল বুলি জানিব পৰা গৈছে ।

P&C
You might also like