Your Voice, Our Strength

গুৱাহাটীত ভাৰতীয় সেনাৰ স্বৰ্ণম বিজয় শিখা গ্ৰহণ কৰিলে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ১৯৭১ চনৰ যুদ্ধৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে উদযাপন কৰা হৈছে সোণালী জয়ন্তী উৎসৱ । আনহাতে উৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাৰ গুৱাহাটীৰ নাৰেংগীস্থিত ৫১ চাব এৰিয়া চৌহদত ১০ আগষ্টত আহি পোৱা স্বৰ্ণম বিজয় শিখা গ্ৰহণ কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই । এই উপলক্ষে নাৰেংগীত অনুষ্ঠিত অনুষ্ঠানত ৫১ চাব এৰিয়াৰ জি অ চি মেজৰ জেনেৰেল বিকাশ চাইনিয়ে মুখ্য সচিব জিষ্ণু বৰুৱাক এই শিখা আনুষ্ঠানিক ভাৱে প্ৰদান কৰে । আনহাতে অনুষ্ঠানত ১৯৭১ চনত যুদ্ধত ভাগ লোৱা কেবাজনো প্ৰাক্তন সৈনিক , বি এছ এফ , এছ এছ বি , আই টি বি পি , এন চি চি কেডেট উপস্থিত থাকে । ইয়াৰ উপৰিও কাৰ্যসূচীত এন চি চি কেডেট আৰু শ্বিলঙৰ ৫৮ গোর্খা ট্ৰেইনিং চেণ্টাৰ চমুকৈ জি টি চিৰ এটা দলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । উল্লেখযোগ্য যে সেই গুৰুত্বপূৰ্ণ দিক নিৰ্ণায়ককাৰী যুদ্ধত ভাৰতীয় সেনাৰ হাতত বন্দী হৈছিল ৯৩ হাজাৰ পাকিস্তানী সৈনিক । আনকি ভাৰতৰ সহায় লৈ পূৱ পাকিস্তান হিচাপে অংশখিনীক সামৰি বাংলাদেশ নামৰ নতুন দেশ এখনৰ জন্ম হৈছিল ।

P&C
You might also like