Your Voice, Our Strength

এইবাৰ নিজৰ সমষ্টিতে জ্বলিল অখিল গগৈৰ প্ৰতিকৃতি

শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অনুসূচিত জাতি ছাত্ৰ সন্থা

আজিৰ খবৰ, শিৱসাগৰ, ১১আগষ্ট : নিজ সমষ্টিবাসীয়েই এতিয়া বিধায়ক অখিল গগৈৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ । প্ৰতিবাদমুখৰ হৈ পৰিছে শিৱসাগৰ জিলা ৷

শিৱসাগৰত প্ৰতিবাদৰ সন্মুখীন হৈছে বিধায়ক অখিল গগৈ ৷ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা ৷ উল্লেখ্য যে বিধায়ক অখিল গগৈয়ে কিছুদিন পূৰ্ৱে অনুসূচিত জাতিক লৈ কটু মন্তব্য কৰিছিল ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে এতিয়া অনুসূচিত জাতি ৷ বুধবাৰে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা ৷ কেৱল অনুসূচিত জাতিয়ে নহয়, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অনুসূচিত জাতিক অপমানসূচক মন্তব্য কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ কেইবাটাও দল-সংগঠন ৷ সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাই নহয়, শিৱসাগৰ নগৰৰ ব্যস্ততম দ’লমুখ চাৰিআলিত বিধায়কগৰাকীৰ পুত্তলিকাও দাহ কৰি সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

P&C
You might also like