Your Voice, Our Strength

এইবাৰ বিপদ আহিল ঘোচখোৰ কৰ্মচাৰীৰ: চৰকাৰী কৰ্মচাৰীয়ে ঘোচখাইছে নেকি ?

যদি খাইছে তেন্তে পোনপটীয়া কৈ মেছেজ কৰক...

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : দুৰ্নীতিৰ শিপাই ছানি ধৰা অসমক সঠিক ৰূপত আনিবলৈ অহৰহ চেষ্টা চলাই আছে অসম চৰকাৰে । ইতিমধ্যে দুৰ্নীতিত লুতুৰী পুতুৰী হোৱা বহু আমোলা বিষয়া তথা ৰাজনৈতিক নেতা আৰক্ষীৰ জালত পৰিছে । দুৰ্নীতি কেনেকৈ নিৰ্মূল কৰিব পৰা যায় তাৰ চেষ্টাত অধিক তৎপৰ এতিয়া ৰাজ্য চৰকাৰৰ লগতে অসম আৰক্ষী। সততে অভিযোগ শুনিবলৈ পোৱা যায় যে, টেবুলৰ তলেৰে ধন নিদিলে। একো কামেই নহয় । বহু চৰকাৰী কৰ্মচাৰীয়ে পকেট খৰচ নিদিলে কাম কৰি দিবলৈ মনেই নকৰে! কিন্তু এতিয়া এইসকলক কৰ্মচাৰীক নাকী লগাবলৈ শক্তিশালী ৰূপত সাজু হৈছে অসম আৰক্ষী ।ঘোচ ললেই বিপদ আহিব এইসকল ঘোচখোৰ কৰ্মচাৰীৰ । তেতিয়াৰে পৰা। চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ বিৰুদ্ধে ঘোচ লোৱা বা যিকোনো ধৰণৰ দুৰ্নীতিৰ প্ৰমাণ লাভ কৰিলে পোনপটীয়া কৈ মেছেজ কৰি জনাব পাৰিব আৰক্ষীক । বুধবাৰে টুইটাৰ যোগে এই কথা জনাই অসম আৰক্ষীৰ ডি জি পি জিপি সিঙে। চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ প্ৰমাণ পালে @DIP_VAC_Assamৰ টুইটাৰ হেণ্ডলত ডাইৰেক্ট মেছেজ কৰি জনাব পাৰিব। বা adgp-vac@assampolice.gov.in বা complaints.vac@gmail.comত মেইল যোগে জনাব পাৰিব বুলি জনাই আৰক্ষীৰ শীৰ্ষ বিষয়া জনে ।

P&C
You might also like