Your Voice, Our Strength

এইবিধ লতা বাটে ঘাটে এতিয়া উভৈনদী।

এই লতা নিজে নিজে য'তে ত'তে হয়। ইয়াৰ কোনো যত্ন ল'ব নালাগে।

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : এবিধ লতা বাটে ঘাটে এতিয়া উভৈনদী। নাম জাপানী লতা বা জাৰ্মানী লতা। ইয়াক ফিৰিঙি লতা বুলিও কোৱা হয়।

এই লতা নিজে নিজে য’তে ত’তে হয়। ইয়াৰ কোনো যত্ন ল’ব নালাগে। অযত্নত হোৱা উদ্ভিদ বোৰক আমি অলাগতীয়াল বুলি অবহেলা কৰো। কিন্তু উদ্ভিদ মানেই কিবা নহয় কিবা গুণ থাকে। সেই গুণ বোৰ আমি উদ্ঘাটন কৰিব পাৰিব লাগিব।

P&C

🔹এই জাৰ্মানী লতাৰো কিছুমান আচৰিত গুণ আছে। কটা চিঙাত এই লতা মিহিকৈ পিচি  লগাই দি কিছু সময় বান্ধি থলে তেজ বন্ধ হয় আৰু  বিষ কমি যায়।

🔹ছাল ৰ ৰোগত জাৰ্মানী লতা পিচি ৰসখিনি সানি কিছু সময় থৈ  দিব । এনেকৈ এসপ্তাহ লগালে ছালৰ ৰোগ ভাল হয়।

🔹কিডনীত পাথৰ হ’লে দুটা পাত প্ৰতিদিনে চোবাই খালে পাথৰ নাইকিয়া হৈ যায়।

🔹জণ্ডিছ হ’লে জাৰ্মানী লতাৰ পাত দহটা মান পিচি ৰস উলিয়ায় এচামুচ মৌৰ লগত এসপ্তাহ খালী পেটত খালে ভাল হয়।

🔹মুত্ৰ থলী ৰ ৰোগ হলে তেনেদৰে পাত দহটা পিচি মৌ এচামুচৰ লগত মিহলাই পুৱা খালী পেটত দহদিন মান খালে উপকাৰ পোৱা যায়।

 

সচাকৈ আমি অলাগতীয়াল বুলি ভবা, যতে ততে, নিজে নিজে হোৱা এই লতাবিধৰ আছে এনে বহু  শক্তি।

 

আপুনি এই কথা এতিয়াই আপোনাৰ বন্ধুৰ সৈতে Share কৰক। 

You might also like