Your Voice, Our Strength

ডঃ দিব্যজ্যোতি শইকীয়া সহ তিনি ব্যক্তিলৈ গ্ল’ৰী বঁটা

আজিৰ খবৰ,১৪ আগষ্ট : : বৰ্তমান সময়ত কেৱল অসম নহয় সমগ্ৰ দেশতে বিভিন্ন আঞ্চলিক ভাষাত বহু নিউজ পৰ্টেলৰ জন্ম হৈছে। কিন্তু উত্তৰ পূৰ্বাঞ্চলত ২০০৪/৫চনতেই প্ৰকাশিত দুই এটা নিউজ পৰ্টেল প্ৰকাশ হোৱাৰ পিছত ২০১৬/১৭ বৰ্ষৰ পৰা বহু কেইটা নিউজ পৰ্টেলৰ জন্ম হয়। এই পৰ্টেল সমূহৰ ভিতৰত অন্যতম পৰ্টেল হল N E focus .com. অহা 15 আগষ্ট তাৰিখে এন ই ফকাচে পঞ্চম বৰ্ষত ভৰি দিয়াৰ প্ৰাকমুহুৰতত যোৱা ১৩ত পঞ্চম বার্ষিক উৎসব অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰৰ চাৰিজনকৈ বিশেষ ব্যক্তি ক্ৰমে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান তথা সমাজ কৰ্মী কুসুম কুমাৰ মহন্ত শিৱসাগৰগৰৰ চিকিৎসক সুৰজিৎ গিৰী আৰু দেৰগাঁৱৰ অগৰু ব্যৱসায়ী দিলবাৰ হুছেইনক এন ই ফকছ “গ্লোৰী বঁটা” প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি ৰাষ্ট্ৰীয় অন্ধবিশ্বাস বিৰোধী নেতা,আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব সংসদ সংস্থা আৰু মাৱনৱধিকাৰ সুৰক্ষা আয়োগৰ আন্তৰাষ্ট্ৰীয় সদস্য ডঃ দিব্যজ্যোতি শইকীয়াই কয়যে শিশু তথা কৈশোৰ কালত সামাজিক কৰ্ম আৰু কৰ্মীক বহুত বেয়াৰ দৃষ্টিৰে চাইছিল কিন্তু কালক্ৰমত আহি একৈশটা বৰ্ষ অতিক্ৰম কৰিলে সমাজ সেৱাৰে। বৰ্তমান সময়ত এজন মানৱধিকাৰ তথা সমাজ কৰ্মী হিচাপে নিজকে চিনাকি দি গৌৰৱবোধ কৰাৰ দুই এক কাৰণও তেওঁ ব্যক্ত কৰে। আজি ডঃ দিব্যজ্যোতি শইকীয়া সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটাকৈ অতি সন্মানীয় অনুষ্ঠানৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰাৰ কথা এন ই ফকছ ৰ তৰফৰ পৰা উল্লেখ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক নেতা ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে অসমৰ আন সকলো বঁটা প্ৰাপকে নিজৰ নিজৰ কৰ্মক্ষেত্ৰৰৰ কথা ব্যক্ত কৰে। আনহাতে এন ই ফকাছৰ স্বত্বাধিকাৰী তথা সম্পাদিকা সংগীত শইকীয়াই ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক নেতা ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে আন কেইগৰাকী বঁটা প্ৰাপকক বঁটা প্ৰদান কৰি গৌৰৱ বোধ কৰা বুলি ব্যক্ত কৰে। উল্লেখযোগ্য যে অহা ১৫অগষ্টত এন ই ফকাছৰ তৰফৰ পৰা বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ কথা।

P&C
You might also like