Your Voice, Our Strength

নতুন SOP সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

আজি প্ৰকাশ পাব নতুন SOP

আজিৰ খবৰ, গুৱাহাটী, ১৭ আগষ্ট : আজি প্ৰকাশ পাব নতুন এছ অ’ পি। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে এই নতুন এছ অ’ পি ঘোষণা কৰিব। আজি প্ৰকাশ পাবলগীয়া নতুন এছ অ’ পি চুড়ান্ত কৰা হৈছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি নতুন এছ অ’ পিত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থাকিব কিছু ৰেহাই। ছেপ্তেম্বৰৰ আগত শিক্ষানুষ্ঠানসমূহ আৰম্ভ কৰাৰ পৰিবেশ নাই। ৰাজ্যত বিয়লি ৫ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজালৈ দোকান-পোহাৰ খোলাৰ সম্ভাৱনা আছে। যুগ্ম-অযুগ্ম নম্বৰেৰে যাতায়াত খোলাৰ ব্যৱস্থা কৰাৰ প্ৰস্তুতি। সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ হোৱাৰ সম্ভাৱনা।

P&C
You might also like