Your Voice, Our Strength

মুখ্যমন্ত্ৰীৰ ঘোষণা : বাছ চালকলৈ ১০ হাজাৰ আৰু পূজাৰীলৈ ১৫ হাজাৰ টকা সাহাৰ্য।

আজিৰ খবৰ, গুৱাহাটী, ২১ আগষ্ট : আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ১০০ দিনত ভৰি দিলে ।১০০ দিন অতিক্ৰম কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কৰিলে বহু গুৰুত্বপূৰ্ণ ঘোষণা। তাৰে ভিতৰত হৈছে বাছ চালক সকলক দিয়া হ’ব ১০ হাজাৰকৈ সাহাৰ্য । উল্লেখ্য যে আন্তৰাজ্যিক যাতায়ত চলাচল বন্ধ হৈ থকাৰ বাবে বাছৰ চালক পৰিচালক সকলৰ এক অভাৱনীয় সমস্যা হৈছে ৷ দহ হাজাৰকৈ টকা তেওঁলোকক দিয়া হ’ব ৷ ইয়াৰ ফলত ৬০ হাজাৰলোক উপকৃত হ’ব। অন্যহাতে মন্দিৰ পূজাৰী সকলেও পাব কিছু সকাহ । নামঘৰ আৰু মন্দিৰৰ পূজাৰীসকলক পোন্ধৰ হাজাৰকৈ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।

তদুপৰি তৎকালে অৰুণোদয় আঁচনিৰ ধনৰ এহাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে আজিৰ কেবিনেটত। ইয়াৰ লগতে শৈক্ষিক দিশটো কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ কেবিনেটতত । ভূগোল আৰু বুৰঞ্জী দশম শ্ৰেণীলৈ পঢ়াটো বাধ্যতামূলক কৰা হৈছে। অহা বছৰৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি নৱম দশম একাদশ আৰু দ্বাদশত প্ৰৱৰ্তন কৰা হ’ব ৷ছিনিয়ৰ ছেকেণ্ডাৰী হ’ব একেলগে। নতুন বাছৰ ক্ষেত্ৰতো ঘোষণা মুখ্যমন্ত্ৰীৰ । চৰকাৰ এবছৰত ভৰি দিলে বন্ধ হৈ পৰিব পেট্ৰল ডিজেল চালিত বাছ সেৱা ।তাৰ পৰিৱৰ্তে চলিব ছমাহৰ ভিতৰত গুৱাহাটীত ইলেক্ট্ৰনিক বাছ । ২০০খন ইলেক্ট্ৰনিক বাছ কিনাৰ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰৰ এবছৰৰ পূৰ্তিৰ সময়ত গুৱাহাটী পেট্ৰল ডিজেলৰ বাছ নচলিব।

P&C

You might also like