Your Voice, Our Strength

২৯ আগষ্টত কেন্দ্ৰীয় সংস্কৃত দিৱসৰ অভিনন্দন অনুষ্ঠানৰ আয়োজন।

আজিৰ খবৰ, গুৱাহাটী, ২৫ আগষ্ট : গুৱাহাটী মহানগৰীৰ জালুবাৰিস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত অসম উচ্চ সংগীত বিদ্যালয় সন্মিলনৰ উদ্যোগত সদৌ অসম সংস্কৃত ছাত্ৰ সন্থা,অসম সংস্কৃত সাহিত্য সভাৰ সহযোগত অহা ২৯ আগষ্টত কেন্দ্ৰীয় ভাবে সংস্কৃত দিৱস ২০২১ ৰ অভিনন্দন অনুষ্ঠান আয়োজিত কৰিছে । কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰাংগনত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অসমৰ ৫ গৰাকীকৈ সংস্কৃত আৰু পালি ভাষাৰ পণ্ডিতক অভিনন্দন জনোৱা হব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে ড০ দিপক কুমাৰ শৰ্মা, উপাচাৰ্য্য, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, মৃনালীনি দেৱী, উপসভাপতি, অসম সাহিত্য সভা, জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা কাৰ্যকৰী সভাপতি, অসম সংস্কৃত সাহিত্য সভা, ড০ পৰমানন্দ ৰাজবংশী, বিধায়ক, ছিপাঝাৰ,হেমাংগ ঠাকুৰীয়া, বিধায়ক, পলাশবাৰী আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালযৰ পৰীক্ষা নিয়ন্ত্ৰক।ড০ সুশান্ত কুমাৰ কাশ্যপ । উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে অসম উচ্চ সংগীত বিদ্যালয়ৰ অধ্যাপক সন্মিলনৰ সভাপতি যোগেশ শৰ্মা,অসম সংস্কৃত সাহিত্য সভাৰ সভাপতি মৃণালীনী দেৱী আৰু সদৌ অসম সংস্কৃত ছাত্ৰ সন্থাৰ সভাপতি মদন শৰ্মাই ।

P&C
You might also like