Your Voice, Our Strength

বিশিষ্ঠ কবি , ৰাণীৰ চবিন চন্দ্ৰ নাথলৈ “অসম গৌৰৱ ২০২১ বঁটা”।

আজিৰ খবৰ, গুৱাহাটী, ৩১ আগষ্ট : ৰাজ্যেৰ এজন বিশিষ্ঠ কবি , পশ্চিম গুৱাহাটীৰ ৰাণীৰ মেকুৰীকুছি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক , পুৰাণ শুকুৰবৰীয়াৰ বাসিন্দা চবিন চন্দ্র নাথলৈ তেওঁ অসমৰ সাহিত্য জগত খনলৈ আগবঢ়োৱা অবদানৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্য সামাজিক – সাংস্কৃতিক সংস্থা “সাহিত্য – সমাজ – সাংস্কৃতিক মঞ্চ”অসমৰ উদ্যোগত আৰু অসম লাইভ চেনেলৰ সহযোগত অহা ৬ ছেপ্টেম্বৰত ” অসম গৌৰৱ ২০২১ ” বঁটাৰে সন্মানিত কৰা হব । মঞ্চৰ সভাপতি প্ৰদীপ বৰুৱা আৰু সাধাৰণ সম্পাদিকা বৰষা কাশ্যপে জানিবলৈ দিয়া মতে সিদিনা গুৱাহাটীৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত দিনৰ ১০ বজাৰ অনুষ্ঠিত লবলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চবিন চন্দ্ৰ নাথক এই সন্মানীয় বঁটা আগবঢ়োৱা হব । উল্লেখযোগ্য যে ক’ভিডৰ বাবে শিক্ষানুষ্ঠান বন্ধ থকা বাবে শিক্ষানুৰাগী ব্যক্তি হিচাপে পৰিচিত চবিন চন্দ্ৰ নাথে ঘৰৰ ওচৰৰ মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ত বৃহত্তৰ অঞ্চলটোৰ দশম শ্ৰেণীত অধ্যয়ণৰত প্ৰায় ৫০ জন ছাত্ৰ – ছাত্ৰীক ইংৰাজী বিষয়টো সপ্তাহত চাৰিদিনকৈ বিনামূলীয়াকৈ দুঘণ্টাকৈ পঢ়াই বা পাঠদান কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।

P&C
You might also like