Your Voice, Our Strength

কংগ্ৰেছৰ উদ্ধাৰৰ বাবে আহি আছে মিৰাকল মেন’ প্ৰশান্ত কিশোৰ : আৰম্ভ হ’ব কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা।

আজিৰ খবৰ, গুৱাহাটী, ২ছেপ্টেম্বৰ : এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থানৰে বাবে আহিব প্ৰশান্ত কিশোৰ । শীঘ্ৰেই কংগ্ৰেছৰ হাতত ধৰিব দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰে। ইতিমধ্যে দেশৰ আটাইতকৈ চৰ্চিত, প্ৰভাৱশালী আৰু সফল ৰাজনৈতিক কৌশল নিৰ্ধাৰক বুলি পৰিচিত প্ৰশান্ত কিশোৰে ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে জুলাই মাহত কেইবালানি আলোচনাত অংশ লৈছে। এইবাৰ নতুন পৰিকল্পনা আৰু কৌশলেৰে আৰম্ভ হ’ব কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা। আৱশ্যে কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীয়ে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। ইপিনে কংগ্ৰেছ দলৰ মাজতো এই সন্দৰ্ভত একাংশৰ মাজত মতবিৰোধ হৈছে বুলিও জানিব পৰা গৈছে । একাশ জ্যেষ্ঠ নেতাই এই সিদ্ধান্তক বিৰোধ কৰাৰে কথা ভিতৰ চৰাত চৰ্চা হৈছে । যদি দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ হিচাপে খ্যাত প্ৰশান্ত কিশোৰে কংগ্রেছক সং দিয়ে তেন্তে এগৰাকী পৰামৰ্শদাতাৰ সন্ধানত থকা ছোনিয়া গান্ধীয়ে প্ৰশান্ত কিশোৰক তেওঁৰ কাষত ৰাখি ২০২৪লৈ শক্তিশালীভাৱে দলক আগবঢ়াৰ পোষকতা কৰাৰ যে নিশ্চিত সম্ভাৱনা আছে সেই কথাও বৰ্তমান চৰ্চিত হৈছে ।

P&C
You might also like