Your Voice, Our Strength

শীঘ্ৰেই সলনি হ’ব গাড়ীৰ হৰ্ণ : বাজিব বাঁহীৰ সুৰ তবলাৰ তাল জানিবলৈ পঢ়ক সবিশেষ….

আজিৰ খবৰ, গুৱাহাটী, ৪ ছেপ্টেম্বৰ : কান তাল মৰা গাড়ী শব্দৰ পৰা মুক্তি পাবআপুনি । অতি সোনকালেই সলনি হ’ব গাড়ীৰ হৰ্ণ।গাড়ীৰ হৰ্ণৰ কৰ্কশ শব্দৰ পৰা আপুনি শুনিব থলুৱা শব্দ । ভাৰতীয় বাদ্যযন্ত্ৰৰ দৰে বাজিব গাড়ীৰ হৰ্ণ।বিকট হৰ্ণৰ পৰিৱৰ্তে ভাৰতীয় বাদ্যযন্ত্ৰ যেনে তবলা,তাল,ভায়োলিন,বাঁহী আদি বাদ্যযন্ত্ৰৰ সুমধুৰ শব্দ শুনিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা জানিবলৈ দিছে। ইতিমধ্যে এইক্ষেত্ৰত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে কাম কৰি আছে। এই সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে,”হৰ্ণে ৰাতিপুৱাৰ নীৰৱতা বিঘ্নিত কৰে।বাহনৰ হৰ্ণ বোৰ সঠিক ধৰণে হ’ব লাগে।গাড়ীৰ হৰ্ণৰ শব্দ ভাৰতীয় বাদ্যযন্ত্ৰ হ’ব লাগে আৰু আমি ইয়াৰ ওপৰত কাম কৰি আছো।তবলা, তাল, ভায়োলিন, বাঁহীৰ দৰে ভাৰতীয় বাদ্যযন্ত্ৰৰ শব্দ শুনা উচিত।”কেইদিনমানৰ অপেক্ষাৰ পাছতে পথৰ মাজত ,ৰাজহুৱা স্থানত বা অলিয়ে গলীয়ে বিকত শব্দৰ পৰিবৰ্তে আপুনাৰ কাণত বাজিব কেৱল বাঁহী, তবলা আৰু ভায়োলিনৰ সুৰ ।

You might also like