Your Voice, Our Strength

নিমাতি ঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰে গভীৰ উদ্বিগ্নতা প্ৰকাশ।

আজিৰ খবৰ,গুৱাহাটী, ৮ ছেপ্টেম্বৰ : নিমাতি ঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে । এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে যোৰহাট আৰু মাজুলী জিলা প্ৰশাসনক নিৰ্দেশ দিছে। ঘটনাৰ চৰজমিন বুজ লোৱাৰ বাবে মন্ত্ৰী বিমল বৰাক তৎকালে ঘটনাস্থলীত উপস্থিত হ’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগতে প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক অহৰ্নিসে পৰিস্থিতি নিৰীক্ষণৰ বাবে তেওঁ নিৰ্দেশ দিছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ নিজেও নিমাতিঘাটত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব।

You might also like