Your Voice, Our Strength

নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ অৱশেষত তিনিদিনৰ পাছত উদ্ধাৰ।

আজিৰ খবৰ,১১ ছেপ্টেম্বৰ : নিমাতি ঘাটত নাও দুৰ্ঘটনাত নিখোজ হৈ থকা দুজনৰ ভিতৰত এজন তিনিদিনৰ অন্তত বিশ্বনাথ ঘাটত অৱশেষষত উদ্ধাৰ কৰা হয় । পত্নীৰ লগতে আন বহুজনৰ জীৱন ৰক্ষা কৰি নিজেই ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই যোৱা ইন্দ্ৰেশ্বৰ বৰাৰ আজি মৃতদেহ উদ্ধাৰ হয় । বিশ্বনাথঘাটত উদ্ধাৰ হোৱা মৃতদেহতো জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে। খুড়াকে চিনাক্ত কৰে ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ মৃতদেহ।কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ বনকর্মীসকলে শনিবাৰে পুৱা উদ্ধাৰ কৰিছিল মৃতদেহটো। নদীৰ বালিচৰত লাগি আছিল মৃতদেহটো।উমাইতুমুনি নদীদ্বীপৰ পৰা পূৱ দিশত কিছু নিলগত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত ভাছা টাপুত উদ্ধাৰ হৈছিল মৃতদেহটো৷ মৃতদেহটোৰ আঙুলিত আছে ‘জে’ আখৰ লিখা এটা আঙুঠ

উল্লেখ্য যে দুৰ্ঘটনাৰ সময়ত পত্নীৰে লগতে বহু জনক উদ্ধাৰ কৰি সাহস দি ইন্দ্ৰেশ্বৰ বৰাই কৈছিল যে,’মোৰ একো নহয়, চিন্তা নকৰিবা’। কিন্তু আনৰ জীৱন ৰক্ষা কৰি নিজেই হেৰাই গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত। তিনিদিনৰ অন্তত বিশ্বনাথ ঘাটত অৱশেষষত উদ্ধাৰ কৰা হয় ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।

P&C
You might also like