Your Voice, Our Strength

উত্তৰ পূর্বাঞ্চলত হ’ব নতুন আয়ুষ মহাবিদ্যালয়, মুকলিৰ বাবে সহযােগ আগবঢ়াব, কেন্দ্রই।

আজিৰ খবৰ, গুৱাহাটী, ১১ ছেপ্টম্বৰ : উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্রান্তত বহুসংখ্যক আয়ুর্বেদিক মহাবিদ্যালয় খােলাৰ বাবে আর্থিক অনুদান পূর্বৰ ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি কৰিব আয়ুষ আৰু বন্দৰ

জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্রীয় মন্ত্রী

P&C

সর্বানন্দ সােনােৱালে আজি অসম আয়ুর্বেদিক

মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদমেলযােগে

এই কথা সদৰি কৰে । তেওঁ কয় যে সম্প্রতি উত্তৰপূর্বাঞ্চলত মাথাে কেইখনমানহে আয়ুর্বেদিক

মহাবিদ্যালয় আছে আৰু ভাৰতীয় পৰম্পৰাগত

ঔষধী পদ্ধতিতােক পৰ্যাপ্ত সংখ্যক গুণগত

পেছাদাৰী চিকিৎসক সৃষ্টিৰ জৰিয়তে হে বহুল

জনপ্রিয় কৰি তুলিব পৰা যায়। ইয়াৰ বাবেই উত্তৰ

পূর্বাঞ্চলত যথেষ্ট সংখ্যক আয়ুষ শিক্ষন

মহাবিদ্যালয় স্থাপন কৰাৰ প্রয়ােজন।আছে। পূর্বে

ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ কেন্দ্রীয় ভাবে পৃষ্ঠপােষণ

প্রাপ্ত আচনিৰ অধীনত নতুন আয়ুষ মহাবিদ্যালয়

খােলাৰ বাবে ৰাজ্য চৰকাৰ সমূহক ৯ কোটি টকা

আগবঢ়োৱা হৈছিল যদিও সম্প্রতি কেন্দ্রীয়

চৰকাৰে এই ধনৰাশিৰ পৰিমান ৭০ কোটি টকালৈ

বৃদ্ধি কৰিছে। ৰাজ্য চৰকাৰ সমূহে ইয়াৰ বাবে

প্রয়ােজনীয় ভূমি অধিগ্রহন কৰাৰ লগতে

প্রয়ােজনী মানৱ সম্পদ লােৱাৰ লগতে ৰাষ্ট্ৰীয়

আয়ুষ মন্ত্ৰালয়ৰ নীতি নিয়ম মানি এই সুবিধা গ্রহন

কৰিব পাৰে, সােনােৱালে কয়। তেওঁ লগতে কয়

যে আয়ুষ মন্ত্রালয়ে গুৱাহাটীৰ জালুকবাৰীত থকা চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়খনক এক উন্নত পৰ্য্যায়ৰ আয়ুর্বেদিক শিক্ষা কেন্দ্ৰলৈ তৰান্বিত কৰাৰ বাবে ১০ কোটি টকাৰ আর্থিক অনুদান আগবঢ়াইছে। তেওঁ লগতে কয় যে মন্ত্রালয়ে প্রাক স্নাতক শিক্ষন মহাবিদ্যালয়লৈ উন্নীত কৰাৰ বাবে কোটি টকা আৰু স্নাতকোত্তৰ শিক্ষন প্রতিষ্ঠানৰ আন্ত: গাঠনি উন্নয়নৰ বাবে ৬ কোটি টকা যােগান ধৰিব। কেন্দ্রীয় মন্ত্রীজনে লগতে কয় যে, গুৱাহাটীৰ কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠানক উত্তৰ পূৰ্বাঞ্চলত পঞ্চকর্ম থেৰাপীৰ বাবে দক্ষ মানৱ সম্পদ সৃষ্টিৰ বাবে দ্বাদশ শ্ৰেনীৰ উত্তীৰ্নৰ বাবে ১০ খন আসনসহ সমগ্র দেশতে নিযুক্তিৰ সা সুবিধাৰ সৃষ্টিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমৰ অনুমােদন প্রাপ্ত কাৰিকৰী পাঠ্যক্ৰম মুকলিৰ কথা ঘােষনা কৰে। তেওঁ শেহতীয়া ভাবে আয়ুর্বেদিক খন্ডৰ সকলাে ক্ষেত্রতে কেৰীয়াৰৰ সা-সুবিধা নাটকীয় ভাবে বৃদ্ধিৰ লগে লগে বিশ্বজুৰি ইয়াৰ জনপ্ৰিয়তা লেখতলবলগীয়া ভাবে বৃদ্ধি পাইছে বঙলি কয়। অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান তথা বিজ্ঞান আৰু প্রযুক্তি দপ্তৰৰ মন্ত্রী কেশৱ মহন্ত সন্মানীয় অতিথি হিচাপে উপষ্ঠিত থাকে। অভিবর্তনত আয়ুষ মন্ত্রালয়, আয়ুষ প্রতিষ্ঠান আৰু গৱেষণা পৰিষদ তথা উত্তৰ পূৰ্বাঞ্চলৰ আয়ুষ মহাবিদ্যালয়ৰ প্রায় ২৫০ প্রতিনিধিয়ে অংশগ্রহন কৰে।

You might also like