Your Voice, Our Strength

মাজুলীৰ ঢেকেলী চাপৰিত মৃতদেহ উদ্ধাৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ বুলি সন্দেহ।

পৰিয়ালৰ লোকলৈ অপেক্ষা ।

আজিৰ খবৰ, মাজুলী, ১৪ ছেপ্টেম্বৰ : যোৱা ৮ ছেপ্টেম্বৰত নিমাতি নাও দুৰ্ঘটনাৰ পৰা আজিপৰ্যন্ত নিখোজ হৈ থকা লোক সকলক উদ্ধাৰ কৰিবলৈ ধাৰাবাহিক অভিযান চলাই থকাৰ সময়তে আজি নামনি মাজুলীৰ ঢেকেলী চাপৰিত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । এই মৃতদেহটো নিমাতিঘাটৰ নাওঁ দুৰ্ঘটনাৰ পৰা সন্ধানহীন হৈ থকা যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ যৌথ অভিযানত মৃতদেহতো উদ্ধাৰ কৰা হয়।কলা চাৰ্ট পৰিহিত মৃতদেহতো চিকিৎসকগৰাকীৰে বুলি বৰ্তমানলৈকে নিশ্চিত হোৱা নাই। উল্লেখ্য যে মাজুলীলৈ বদলি হোৱাৰ পূৰ্বে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত আছিল বিক্ৰম। বহুতৰে মাজত পৰিচিত নাম আছিল ডাঃ বিক্ৰম।মাজুলীত কৰ্মৰত ডাঃ বিক্ৰমৰ ক’ভিড ডিউটি আছিল। সেয়েহে বিয়লিৰ ফেৰীখনত মাজুলীলৈ গৈছিল।কণমানি দুই সন্তান আৰু পত্নীক বিদায় জনাই গতানুগতিক ভাৱে ঘৰৰ পৰা মাজুলীলৈ ওলাই গৈছিল বিক্ৰম। কেৱল এতিয়া সকলোৱে অতি উদ্বিগ্নতাৰে বাট চাই ৰৈছে বিক্ৰমৰ সন্ধান ওলোৱালৈ।

You might also like