Your Voice, Our Strength

এতিয়াৰ পৰা পেঞ্চনাৰ সকলে ঘৰত বহিয়েই লাভ কৰিব বেংকৰ সকলোবোৰ সুবিধা।

পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ।

আজিৰ খবৰ, ১৬ ছেপ্টেম্বৰ : ভাৰতীয় ষ্টেট বেংকে পেঞ্চনাৰ সকললৈ আগবঢ়াইছে বিশেষ সুবিধা।পেঞ্চনাৰ সকলে এতিয়াৰ পৰা ঘৰত বহিয়ে লাভ কৰিব পাৰে বেংকৰ সকলোবোৰ সুবিধা। পেঞ্চনাৰ সকলৰ বাবে ভাৰতীয় ষ্টেট বেংকে এক বিশেষ ওৱেবচাইট মুকলি কৰিছে। জ্যেষ্ঠ নাগৰিকসকলে এতিয়াৰে পৰা https://www.pensionseva.sbi/-ত গৈ নিজৰ পেঞ্চন সম্পৰ্কীয় সকলো তথ্য উলিয়াই ল’ব পৰিব। ষ্টেট বেংকে টুইট কৰি জনাইছে যে,এই ৱেবছাইটৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে বকেয়া ধনৰ গণনা নথি-পত্ৰ, পেঞ্চন শ্লিপ বা ফৰ্ম-১৬ আদি সহজে ডাউনলোড কৰিব পাৰিব। তদুপৰি পেঞ্চন প্ৰফিট বিৱৰণ তথ্য, বিনিয়োগ তথ্য আৰু লাইফ চাৰ্টিফিকেট সম্পৰ্কীয় তথ্য ইয়াৰ জৰিয়তে পৰীক্ষা কৰিব পাৰিব। বেংকত কৰা সকলো লেনদেন বিষয়ক তথ্যও একেটা ৱেবছাইটৰ জৰিয়তে উপলব্ধ হ’ব। জ্যেষ্ঠ নাগৰিকসকলৰ এই ৱেবছাইটটো চলাবলৈ যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে এছবিআইয়ে এটা হেল্পলাইন নম্বৰো জাৰি কৰিছে। যদি আপুনি এই ৱেবছাইটত কোনো অসুবিধাৰ সন্মূখীন হয় বা অনুভৱ কৰে, আপুনি স্ক্ৰীণ শ্বটৰ সৈতে support.pensionseva@sbi.co.in-লৈ আপোনাৰ অভিযোগ ইমেইল কৰিব পাৰিব। যদি বিচাৰে আপুনি 8008202020 নম্বৰত UNHAPPY টাইপ কৰিও এছএমএছ পঠিযাব পাৰিব । 

You might also like