Your Voice, Our Strength

‘আজিৰ খবৰ’ৰ উদ্যোগত আয়োজিত ১ম প্ৰীতি ফুটবল টুৰ্ণামেণ্টৰ চেম্পিয়ন মৰ্নিং ক্লাব ‘খ’ ।

পেনাল্টি শ্বুটআউটত মৰ্নিং ক্লাব 'ক' ২-১ গ'লত পৰাস্ত।

আজিৰ খবৰ, গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: ‘আজিৰ খবৰ’ৰ উদ্যোগত আৰু PEINDIA কেৱ সেৱাৰ সহযোগত পাথৰকুৱেৰীৰ মঠঘৰীয়া প্ৰাথমিক বিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত হোৱা ১ম প্ৰীতি ফুটবল টুৰ্ণামেণ্টত মৰ্নিং ক্লাব ‘খ’ দলটোৱে চেম্পিয়ন খিতাপ অর্জন কৰে। উত্তেজনাপূৰ্ণ মেচখনত মৰ্নিং ক্লাব ‘খ’ দলটোৱে প্ৰতিদ্বন্দী মৰ্নিং ক্লাব ‘ক’ক পেনাল্টি শ্বুটআউটত ২-১ গ’লত পৰাস্ত কৰি ১ম প্ৰীতি ফুটবল টুৰ্ণামেণ্টৰ খিতাপ দখল কৰে। বিশিষ্ট ক্ৰীড়া সংবাদিক প্ৰণয় বৰদলৈয়ে শুভাৰম্ভ কৰা টুৰ্ণামেণ্টখনত দুয়োটা দলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে।

P&C

প্ৰথম অৰ্ধৰ ৩০ মিনিট দুয়োটা দলে গ’ল কৰাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছিল যদিও সফল নহয়। তাৰ পিছত দ্বিতীয় অৰ্ধত পুনৰ দুয়োটা দলে গ’ল কৰাৰ বাবে চেষ্টা চলাই যদিও সফল নহয়। গ’ল বিহীনভাৱে নিৰ্ধাৰিত ৬০ মিনিটৰ অন্ত পৰে। ইয়াৰ পিছত দুয়োটা দলক অতিৰিক্ত ১৫ মিনিট দিয়া হৈছিল। কিন্তু এই অতিৰিক্ত সময়তো দুয়োটা দলে গ’ল কৰাত বিফল হয়। যাৰ বাবে দুয়োটা দলৰ মাজত পেনাল্টি শ্বুটআউটত কৰা হৈছিল। পেনাল্টি শ্বুটআউটত মৰ্নিং ক্লাব ‘খ’ দলটোৱে ২-১ গ’লত জয় লাভ কৰে।

মৰ্নিং ক্লাব ‘খ’ দলটোক অনুষ্ঠানিকভাৱে ট্ৰফী প্ৰদান কৰে অসম কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ উপদেষ্টা প্ৰদীপ কলিতাই। উল্লেখ্য যে আজিৰ টুৰ্ণামেণ্টত অতিথিৰূপে উপস্থিত আছিল অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোপাল চন্দ্ৰ কলিতা, পাথৰকোৱাৰী কল্যাণ সমিতিৰ সদস্য সতীশ বৈশ্য, এজাইল হাস্পাতালৰ চিকিৎসক অভিজিত দেৱ। টুৰ্ণামেণ্টৰ মুকলি অনুষ্ঠানত অৰূপ দাসে গীত পৰিবেশন কৰাৰ উপৰি নিশিতা দাসে আধুনিক নৃত্য পৰিবেশন কৰে। লগতে লিজা তহবিলদাৰ পূৰ্ণাক্ষী তালুকদাৰ, গংগা চেত্ৰীয়ে আধুনিক গীত আৰু বিপুল ভট্টাচাৰ্যই ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে।

You might also like