Your Voice, Our Strength

দীপৰ বিলক ৰক্ষা , দ্বৈত ৰেলপথৰ নিৰ্মাণ কার্য বন্ধ কৰা আৰু দীপৰ বিল সংৰক্ষণৰ দাবীত চকৰদৌত ধৰ্ণা।

আজিৰ খবৰ, গুৱাহাটী , ২ অক্টোবৰ : দীপৰ বিলক প্ৰাকৃতিকভাবে সংৰক্ষণ কৰি ৰখা আৰু বিলৰ দাঁতিয়েদি দক্ষিণ দিশেৰে দ্বৈত ৰেলপথৰ নির্মাণ বন্ধ ৰখাৰ দাবীত বিলৰ গাতে লগা চকৰদৌ কলিতাপাৰাত আজি দুপৰীয়া চকৰদৌ ৰাইজ গয়ৰহৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় । দুপৰীয়া বাৰ বজাৰ পৰা বিয়লি ডেৰ বজালৈ অনুষ্ঠিত ডেৰ ঘন্টাযোৰা ধৰ্ণা কাৰ্যসূচীত মহানগৰীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা অহা ডেৰকুৰি ছাত্র – ছাত্ৰীকে ধৰি অৰ্দ্ধ শতাধিক লোক উপস্থিত থাকে । আনহাতে কাৰ্যসূচীত পৰিবেশ কর্মী প্ৰমোদ কলিতা , চকৰদৌ ৰাইজ গয়ৰহৰ উপদেষ্টা হৰনাথ কলিতা আৰু ভোগেশ্বৰ কলিতা , উপ সভাপতি দিলীপ কাকতি , ৰংমন ট্যুৰিজিম চ’ছাইটিৰ পৱন কলিতা ( বিৰাজ ) , জুহেব হুছেইন , ৰশ্মি হাজৰিকাকে ধৰি কেবাজনেও ভাষণ প্ৰসংগত চৰকাৰৰ দুমুখীয়া নীতিৰ বাবে দীপৰ বিলক স্বাভাৱিকভাবে সংৰক্ষণ কৰি ৰখাত বহুখিনী বাধা আহি পৰা , বিশেষজ্ঞৰ প্ৰতিবেদন অনুসৰি দীপৰ বিলৰ হাতীৰ স্বাভাৱিক আহ – জাহ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত দ্বৈত ৰেলপথ বিলৰ উত্তৰ দিশেৰে নিৰ্মিত কৰা , সুৰংগ পথৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখা , দীপৰ বিলক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডত জাৱৰ – যোধৰ পেলোৱা কাৰ্য বন্ধ ৰখা , । আনহাতে কাৰ্যসূচীত ভাগ লোৱা একাংশ প্ৰতিবাদ কাৰীয়ে হাতে হাতে বেনাৰ , পোষ্টাৰ লৈ দীপৰ বিলত গুৱাহাটীৰ মৰা ভৰলু , বশিষ্ঠ , বাহিনী নদীৰ আৱৰ্জনা আৰু প্ৰদূষিত পানী পেলোৱা কার্য বন্ধ ৰাখিবা দাবী জনোৱা হয় ।।

P&C
You might also like