Your Voice, Our Strength

শৰাইঘাটত মাৰুতিত সৰবৰাহ কৰা অৱস্থাত চুলাই মদ জব্দ , দুজনক জেললৈ প্ৰেৰণ।

আজিৰ খবৰ, গুৱাহাটী, ৮ অক্টোবৰ : আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আনহাতে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গোপন সূত্ৰৰ পম খেদি গুৱাহাটী সদৰৰ আৱকাৰী পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত এটা আৱকাৰী দলে আজি বিয়লি প্ৰায় ২.৩০ মান বজাত শৰাইঘাট দলঙৰ দক্ষিণ দিশত এখন মাৰুতি অলটোত কৌশলেৰে সৰবৰাহ কৰা অৱস্থাত প্ৰায় ২৫০ লিটাৰ চুলাই মদ জব্দ কৰে । অভিযানত বাহন খনৰ মদ সৰবৰাহ কৰা কৰা দুজন যুৱক ক্ৰমে উত্তৰ কামৰূপৰ ৰঙিয়াৰ সমীপৰ গাৰকুছি গাঁওৰ হেমন্ত বড়ো ( ২৩ ) আৰু ৰঞ্জিত বড়োক ( ২৪ ) আটক কৰা হয় । উল্লেখযোগ্য যে ৰঙিয়াৰ এক ভিতৰুৱা অঞ্চলৰ পৰা এ এছ০১ এইছ চি ১৪০০ নম্বৰৰ মাৰুতি এলটো বাহন খনত চুলাই মদখিনী শৰাইঘাট দলঙৰে গুৱাহাটীলৈ আনি থকা বুলি গোপন সূত্ৰে জানিব পাৰি এই অভিযানটো চলোৱা হৈছিল । আনহাতে আটকাধীন দুজনৰ বিৰুদ্ধে অসম আৱকাৰী আইন ৫৩ ( ১ ) ক- ৰ অধীনত গোচৰ ৰজু কৰি বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰে ।

You might also like