Your Voice, Our Strength

“প্রধানমন্ত্রী গতি শক্তি মাষ্টাৰ প্লেনৰ” শুভাৰম্ভণিৰ জৰিয়তে ৰাষ্ট্রৰ প্ৰগতিৰ গতিয়ে নতুন শক্তি লাভ কৰিছে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ ডিব্রুগড়ত সংবাদ মেল সম্বােধন।

আজিৰ খবৰ, ডিব্রুগড়, ১৬ অক্টোবৰ: ১৩ অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্র মােদীয়ে শুভাৰম্ভ কৰা এক অভিলাষী পদক্ষেপ “প্রধানমন্ত্রী গতি শক্তি”ৰ জৰিয়তে দেশৰ প্ৰগতিৰ গতিয়ে নতুন শক্তি লাভ কৰিছে: কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি ডিব্রুগড়ত এক সংবাদ মেলত সম্বােধন কৰোঁতে এইদৰে উল্লেখ কৰে। তেওঁ কয় যে- প্রধানমন্ত্রী গতি শক্তি হৈছে বহূমডেল সংযােগ আৰু সামগ্রিক শাসন ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে হাতত লােৱা এক ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন যিয়ে একবিংশ শতিকাৰ ভাৰতক নতুন গতি প্রদান কৰিব। ১০০ লাখ কোটি টাকা ব্যয়সাপেক্ষে এই বৃহৎ পদক্ষেপে আন্তঃগাঁথনি, যাতায়াত-যােগাযােগ, উদ্যোগীকৰণ, সংস্থাপন বৃদ্ধি, বিনিয়ােগ আদি বিভিন্ন দিশত ভাৰতবৰ্ষক গতিশীলতা প্রদান কৰি দেশখনক উন্নয়নৰ নতুন শিখৰত উপনীত কৰিব বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে উল্লেখ কৰে। এই অভিলাষী প্রকল্পই মােদীজীৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস নীতিক অধিক ত্বৰান্বিত কৰিব বুলিও তেখেতে মন্তব্য কৰে ভাৰতৰ গেছ পাইপলাইনৰ বিষয়ে উল্লেখ কৰি সােণােৱালে কয় যে- যােৱা ৭ বছৰত সমগ্ৰ দেশতে ১৬ হাজাৰ কিলােমিটাৰতকৈও অধিক দীঘল গেছ পাইপলাইন নির্মাণৰ কাম চলি আছে। লগতে ৰে’ল সংযােগীকৰণ বৃদ্ধি সন্দৰ্ভতাে মন্ত্রীগৰাকীয়ে কয় যে- যােৱা ৭ বছৰত ৯ হাজাৰ কিলােমিটাৰৰাে অধিক ৰে’লপথ দুগুণ (doubled) কৰা হৈছে আৰু ২৪ হাজাৰ কিলােমিটাৰৰাে অধিক ৰে’লপথ বৈদ্যুতিকৰণ কৰা হৈছে।

একবিংশ শতিকাৰ ভাৰতৰ প্ৰগতিৰ শক্তিশালী মন্ত্রৰ বিষয়ে উল্লেখ কৰি সােণােৱালে লগতে কয় যে- আজিৰ মন্ত্ৰ হৈছে প্রগতিৰ বাবে কাম, প্রগতিৰ বাবে সম্পদ, প্রগতিৰ বাবে পৰিকল্পনা আৰু প্ৰগতিৰ বাবে অগ্রাধিকাৰ। এই সকলাে দিশ প্রধানমন্ত্রী গতি শক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে সামৰি ল’ব। তদুপৰি, বৃহত্তৰ পৰিকল্পনা আৰু তৃণমূল পর্যায়ত ইয়াৰ ৰূপায়ণৰ মাজত থকা ব্যাপক ব্যৱধানৰ বিষয়ে উল্লেখ কৰি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে- বিভিন্ন বিভাগৰ মাজত সমন্বয় আৰু সহযােগিতাৰ অভাৱৰ সমস্যাই সদায় আন্তঃগাঁথনি নির্মাণত বাধা প্রদান কৰে আৰু ইয়াৰ ফলত বাজেটৰ ধনাে অপচয় হয়। “প্রধানমন্ত্রী গতি শক্তি”য়ে এই সমস্যাৰ সমাধানত এক শক্তিশালী ভূমিকা পালন কৰিব। তেওঁ লগতে কয় যে- ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মােদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হৈছিল, তেতিয়া শ শ প্রকল্প ৰূপায়িত নােহােৱাকৈ আবদ্ধ হৈ আছিল। মােডীজীয়ে এই সকলাে প্রকল্প ৰূপায়ণৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰ ফলত কেইবা দশক ধৰি অসম্পূর্ণ হৈ পৰি থকা বহু গুৰুত্বপূর্ণ প্রকল্পই এতিয়া কার্যকৰী ৰূপ পাবলৈ সক্ষম হৈছে।

P&C

মন্ত্রীগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে যে- ৰে’ল, পথ আৰু ঘাইপথ, বিদ্যুৎ, জাহাজ পৰিবহণ আৰু অন্যান্যকে ধৰি ১৬ টা চৰকাৰী বিভাগে এই গতি শক্তি মাষ্টাৰ প্লেনৰ ৰূপায়ণত সমূহীয়া আৰু ঐক্যবদ্ধভাৱে অংশগ্রহণ কৰিব। গতি শক্তিয়ে বিভিন্ন কেন্দ্রীয় মন্ত্রালয় আৰু ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনিমূলক প্রকল্পসমূহক অন্তর্ভুক্ত কৰিব আৰু এই মাষ্টাৰ প্লেনে বিশাল দক্ষতাৰে আৰু ক্ষিপ্রতাৰে প্রকল্পসমূহ সম্পূর্ণ কৰাটো নিশ্চিত কৰিব বুলি সােণােৱালে উল্লেখ কৰে। তদুপৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে- এই মাষ্টাৰ প্লেন প্রকল্প ৰূপায়ণৰ যােগেদি দেশৰ ৰপ্তানি-আমদানিৰ প্ৰক্ৰিয়াৰ বাবে প্রয়ােজনীয় সময় পূর্বতকৈ যথেষ্ট হ্রাস হ’ব আৰু ইজ অৱ ডুয়িং বিজনেছৰ ক্ষেত্ৰতাে যথেষ্ট সহায়ক হ’ব। এই মহৎ পদক্ষেপে এখন আত্মনির্ভৰ ভাৰত গঢ়াৰ যাত্ৰাত দেশৰ বহনক্ষম উন্নয়নৰ গতি ত্বৰান্বিত কৰি অর্থনৈতিক ভেটি অধিক মজবুত কৰিব বুলিও সােণােৱালে উল্লেখ কৰে।

You might also like