Your Voice, Our Strength

এই কাম আজি ভুলটো নকৰিব কিয়নো আজি সম্পদৰ দেৱী মা লক্ষ্মী পূজা ।

আজিৰ খবৰ, ২০অক্টোবৰ : আজি দিনটোত লক্ষ্মী দেৱীক পূজা কৰিলে সুখ সমৃদ্ধি, ধন, সম্পদ, বৃদ্ধিৰ আৰ্শীবাদ প্ৰদান কৰে বুলি হিন্ধু শাস্ত্ৰ মতে বিশ্বাস আছে । এই দিনত মা লক্ষ্মী আৰাধনাৰে লক্ষ্মী দেৱী জাগ্ৰত হয় । যদিহে লক্ষ্মী পূজাত এনে কিছুমান কাম কৰে তেন্তে গোটেই জীৱন দুখত থাকিব লাগিব । দৰিদ্ৰতা আপোনাৰ জীৱনলৈ নামি আহিব পাৰে। সেয়ে লক্ষ্মী পূজাত এই কাম সমূহ ভুলটো কৰিব নালাগে।

 

১/ ষ্টিলৰ বাচন বৰ্তন দি মা লক্ষ্মীৰ পূজা নকৰিব। কাৰণ ষ্টিলৰ বাচন বৰ্তন দি অলক্ষ্মীৰ পূজা কৰা হয়। গতিকে এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয়।

 

 

P&C

২/ লক্ষ্মী পূজাত কাঁহৰ ঘন্টা বজোৱা একেবাৰে উচিত নহয়। এনে কৰিলে মা লক্ষ্মী অসন্তোষ হয় কাৰণ উচ্চ শব্দ মা লক্ষ্মীয়ে পচন্দ নকৰে।

 

৩/ লক্ষ্মী পূজাত কেতিয়াও তুলসী পাত ব্যৱহাৰ নকৰিব। কিন্তু এই কথা মনত ৰাখিব যে, মা লক্ষ্মীৰ পূজাৰ শেষত দুপাহ ফুল আৰু দুটি তুলসী পাত ভগৱান শ্রী বিষ্ণুৰ চৰণত অৱশ্যে অৰ্পণ কৰিব।

 

 

 

৪/লক্ষ্মী পূজাৰ সময়ত বগা ফুল লক্ষ্মী মাক অৰ্পণ নকৰিব। কাৰণ তেওঁ বিবাহিত। সৰ্বকালৰ ৰঙা বা গুলপীয়া ৰংৰ ফুল নিবেদন কৰিব।

 

 

৫ / লক্ষ্মী পূজাৰ সময়তে ধূপ বা প্ৰদীপ কেতিয়াও বাওঁফালে নাৰাখিব। সেই ধূপ বা প্ৰদীপ মা লক্ষ্মীৰ সোঁফালে ৰাখিব।

 

৬/লক্ষ্মী পূজাৰ দিনত কলা বা বগা কাপোৰৰ ওপৰত লক্ষ্মী মাৰ ফটো নাৰাখিব।

 

৭/এই দিনত ভুলটো ঘৰ দুৱাৰ অপৰিষ্কাৰ কৰি নাৰাখিব। কাৰণ দেৱী লক্ষ্মীয়ে লেতেৰা ঠাই বা অপৰিষ্কাৰ পচন্দ নকৰে।

 

৮/লক্ষ্মী পূজাৰ দিনত ভুলটো লেতেৰা বা পুৰণি কাপোৰ পৰিধান নকৰিব। যদিহে লেতেৰা বা পুৰণি কাপোৰ পৰিধান কৰে, তেন্তে কৰ্ম দিশত সাফল্য পোৱা নাযাব।

 

৯/লক্ষ্মী পূজাৰ সময়ত ভুলটো অন্যমনস্ক নহব। আপোনাৰ মন সৰ্বদা লক্ষ্মীতে স্হিৰ ৰাখিব।

 

১০/লক্ষ্মী পূজাৰ দিনতো কাৰো লগতে তৰ্ক বা কাজিয়া পেচাল আদি নকৰিব। মা লক্ষ্মী অসন্তোষ হয়। আৰু দেৱী লক্ষ্মীৰ আৰ্শীবাদৰ পৰা বঞ্চিত হব।।

You might also like