Your Voice, Our Strength

দেশৰ বৈদ্যুতিক ৰেলৰ মানচিত্রত অসমৰ নাম।

আজিৰ পৰা কামাখ্যাৰ ৰেল ষ্টেশ্যনৰ দিল্লীলৈ বৈদ্যুতিক ইঞ্জিনযুক্ত ৰেল চলাচল আৰম্ভ।

আজিৰ খবৰ, গুৱাহাটী, ২২ অক্টোবৰ, ২০২১: বিদ্যুত চালিত ইঞ্জিনেৰে ব্ৰহ্মপুত্ৰ ৰে’লে আজি গুৱাহাটীৰ কামাখ্য ষ্টেশ্যনৰ পৰা নতুন দিল্লীলৈ যাত্ৰা কৰাৰ লগে লগে এক নতুন অর্থনৈতিক ইতিহাসৰ শুভাৰম্ভ হয়।

উল্লেখযােগ্য যে আজি দিনৰ ২.৩০ বজাত কামাখ্যা ষ্টেশ্যনৰ পৰা দেশৰ ৰাজধানীলৈ প্ৰথমবাৰৰ বাবে বিদ্যুত চালিত ইঞ্জিনেৰে ৰে’ল চলাচল আৰম্ভ হােৱাৰ লগে লগে দেশৰ বৈদ্যুতিক ৰেলৰ মানচিত্রত অসমৰ নাম দীর্ঘ অপেক্ষাৰ অন্তত আজি অন্তর্ভুক্ত হয়। এতিয়াৰে পৰা গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেশন লৈ আৰু কামাখ্যাৰ ৰেল ষ্টেশ্যনৰ পৰা দেশৰ বিভিন্ন প্রান্তলৈ বৈদ্যুতিক ইঞ্জিনযুক্ত ৰেল চলাচল কৰিব পাৰিব। যােৱা এপ্রিল মাহৰ পৰা কেইবাবাৰাে পৰীক্ষামূলকভাৱে বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’ল চলােৱাৰ পিছত আজিৰে পৰা আনুষ্ঠানিকভাৱে চলাচল কৰােৱাৰ বাবে এন এফ ৰে’লৱে সিদ্ধান্ত গ্রহণ কৰে। এন এফ ৰে’লৱেৰ এই সিদ্ধান্ত অসমৰ অৰ্থনীতিৰ বাবে এক যুগান্তকাৰী বুলি ভাৰতীয় জনতা পার্টি, অসম প্রদেশে বর্ণনা কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কোৱা হয় যে বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’লৰ চলাচলে যােগাযােগ ব্যৱস্থাক ক্ষীপ্ৰ কৰি তােলাৰ লগতে খাদ্য বস্তু আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রীৰ সৰবৰাহ কৰা প্রক্রিয়াক সুচল আৰু সুলভ কৰি তুলিব। বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’লৰ চলাচলে অসমৰ অর্থনীতিক আত্মনিৰ্ভৰ কৰি তােলাত যথেষ্ট অৰিহনা আগবঢ়াব বুলি বিজেপি অসম প্রদেশৰ সভাপতি ভৱেশ কলিতাই মন্তব্য কৰিছে। লগতে কলিতাই এন এফ ৰেলৱেৰ বিষয়া কৰ্মচাৰী সকলক এই শুভ কামৰ বাবে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেত সৰ্বমুঠ ৭৬০ কিলােমিটাৰ ৰেলপথ বৈদ্যুতিকৰণ কৰি কেন্দ্রীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক আৰু যুগান্তকাৰী আন্তঃগাঁথনি নির্মাণ কৰি উলিয়াইছে। উল্লেখযােগ্য যে এই বৈদ্যুতিকৰণৰ কাৰ্য ৰেল বিকাশ নিগম লিমিটেড আৰু ৰেল বৈদ্যুতিকৰণৰ কেন্দ্রীয় সংস্থাই সম্পাদন কৰে। এই পর্যন্ত কাটিহাৰ আৰু মালদাৰ পৰা নিউ কোচবিহাৰ পর্যন্ত বৈদ্যুতিক ইঞ্জিনেৰে চালিত ৰেলৰ চলাচল হৈছিল। সাধাৰণতে নামনিমুৱা ৰে’লসমূহৰ পৰা নিউ কোচবিহাৰত বৈদ্যুতিক ইঞ্জিন আঁতৰাই যাত্ৰাৰ বাবে ডিজেল ইঞ্জিন সংযােজিত কৰা হৈছিল। বর্তমান কামাখ্যা পর্যন্ত বৈদুতিকৰণৰ কাম কার্য সম্পূর্ণ হৈ উঠাৰ বাবে ৰে’লৰ ট্রেকচনৰ পৰিৱৰ্তন নকৰাকৈয়ে প্রত্যক্ষ ৰূপে কামাখ্যা ষ্টেশ্যন পর্যন্ত চলাচল কৰিব পাৰিব। ঠিক এনেধৰণে নিউ দিল্লীৰ পৰা কামাখ্যা পর্যন্ত ইঞ্জিন পৰিৱৰ্তন নকৰাকৈ প্রত্যক্ষৰূপে ৰেল যােগাযােগ এতিয়াৰে পৰা সম্ভৱ হৈ উঠিল। ই এক মােদী চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ। উল্লেখযােগ্য যে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যােগাযােগ ব্যৱস্থা উন্নীত কৰাৰ বাবে ২০১৪ চনত প্রধানমন্ত্রী হিচাপে শপত লােৱাৰ পিছতেই নৰেন্দ্র মােদী ডাঙৰীয়াই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছিল। ৰে’ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে। দীর্ঘদিন ধৰি অসমৰ ৰাইজে ৰে’ল পথৰ বৈদ্যুতিকীকৰণৰ বাবে দাবী উত্থাপন কৰাৰ লগতে আন্দোলন আদিও কৰিছিল। বিজেপিৰ তদানীন্তন সাংসদ ৰমেন ডেকা, ৰাজেন গােহাঁই আৰু বিজয়া চক্ৰৱৰ্তীয়ে তদানীন্তন প্রধানমন্ত্রী ডঃ মনমােহন সিঙক সাক্ষাৎ কৰি বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰিবলৈ কেইবাবাৰাে অনুৰােধ জনাইছিল। কিন্তু অসমৰ উন্নয়নৰ লগত জড়িত থকা বিষয়টোৰ প্রতি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে কোনাে গুৰুত্বই দিয়া নাছিল। নৰেন্দ্ৰ মােদীৰ নেতৃত্বত দিল্লীত বিজেপি চৰকাৰ গঠন হােৱাৰ লগে লগে অতি ক্ষীপ্ৰতাৰে ৰে’ল পথৰ বৈদ্যুতিকীকৰণৰ কাম আৰম্ভ কৰা হয়। যাৰ ফলত আজি অসমৰ ৰাইজে বিদ্যুৎ চালিত ৰেলেৰে ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিব পৰিব ।

P&C
You might also like