Your Voice, Our Strength

ক’ভিড-১৯ৰ আতংকৰ মাজতেই আহিছে আন এক ভাল খবৰ : এতিয়াৰে পৰা আৰু ক’ভিডত আক্ৰান্ত ৰোগী চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব।

সাঁজু হৈ উঠিছে বহু প্ৰত্যাশিত জীৱন-দায়িনী ঔষধ।

🔹সমগ্ৰ বিশ্বতে অব্যাহত থকা ক’ভিড-১৯ৰ আতংকৰ মাজতেই আহিছে আন এক ভাল খবৰ।

🔹এতিয়াৰে পৰা আৰু ক’ভিড-১৯ত আক্ৰান্ত ৰোগী চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব।

P&C

🔹ব্ৰিটেইনৰ মিৰাক নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰা ‘মলনু-পিৰাবিৰ’ নামৰ টেবলেট বিধে কৰ’নাৰ গ্ৰাসত পৰা বিশ্ববাসীলৈ আনিছে আশাৰ বতৰা।

🔹এইবিধ ঔষধে ৰোগীৰ দেহত থকা কৰ’না ভাইৰাছক নিঃশেষ কৰাৰ লগতে দেহৰ ভিতৰত সংক্ৰমণো সম্পূৰ্ণ ৰূপে নাশ কৰিব।

🔹ক’ভিডৰ ভেকচিন গ্ৰহণ কৰা আৰু নকৰা দুয়ো প্ৰকাৰৰ ৰোগীয়ে এই ঔষধ সেৱন কৰিব পাৰিব।

🔹১৮ বছৰৰ ওপৰৰ ক’ভিডৰ লক্ষণ থকা ব্যক্তিৰ দেহত এই ঔষধ প্ৰয়োগ কৰিব পৰা যাব।

🔹ইতিমধ্যে ব্ৰিটেইন চৰকাৰে এইবিধ ঔষধ প্ৰয়োগত অনুমোদন জনাইছে।প্ৰাৰম্ভিক পৰ্যায়ত এই ঔষধৰ পৰীক্ষণ ৭৭৫গৰাকী ব্যক্তিৰ দেহত সফলতাৰে কৰা হৈছে।

🔹ক’ভিডত আক্ৰান্ত ৰোগী সকলে দিনে দুটাকৈ ৫দিনৰ বাবে এই ঔষধ সেৱন কৰিলে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিব।

🔹নৱেম্বৰৰ শেষৰ ফালে ৯ লাখ ‘মলনু-পিৰাবিৰ’ টেবলেট বজাৰত যোগান দিয়াৰ লক্ষ্যৰে কোম্পানীটোৱে উৎপাদন আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

 

You might also like