Your Voice, Our Strength

গড়চুকৰ সমীপত বোকাত আবদ্ধ বনৰীয়া হাতীক সন্ধিয়া উদ্ধাৰ।

আজিৰ খবৰ, গুৱাহাটী, ১৫ নৱেম্বৰ : গুৱাহাটীৰ গড়চুকৰ কাষৰীয়াভি আহোমগাঁও – কটকীপাৰাত খাদ্যৰ সন্ধানত যোৱা নিশা গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি এটা নলাসদৃশ সৰু পিতনিত পৰি গৈ আবদ্ধ হৈ পৰা এটা বনৰীয়া হাতীক সন্ধিয়া বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সন্দেহ কৰা মতে মাজনিশাৰ পাছত গাতে লাগি থকা গড়ভঙা বনাঞ্চলৰ পৰা প্ৰায় বাৰ বছৰ বয়সৰ হাতীটো ওলাই আহিছিল । পুৱতি নিশাৰ সময়ত হয়তো উভতি যোৱাৰ সময়ত হাতীটো নলাটোত অসাৱধানবশত পৰি যায় । পুৱা এই সন্দৰ্ভত স্থানীয় কোনো লোকে হাতীটোক বোকাত আবদ্ধ হৈ থকা প্ৰত্যক্ষ কৰি নিকটৱৰ্তী মইনাখোৰোং খণ্ড বন বিষয়াৰ কাৰ্যালয়ক অৱগত কৰে । খণ্ড বন বিষয়াজনে এদল বনকর্মী লৈ ঘটনাস্থলীলৈ যায় যদিও হাতীটোৰ অৱস্থান দেখি লগে লগে দক্ষিণ গুৱাহাটীৰ বনাঞ্চলিক বিষয়া বীৰপী ইংতিপি আৰু পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াক অৱগত কৰে । পাছত দুয়োজন উচ্চপদস্থ বিষয়াৰ নেতৃত্বত অতিৰিক্ত বনকৰ্মীৰ দল উপস্থিত হয় । তাৰ পাছত বিভিন্ন কৌশল প্ৰয়োগ কৰি ৰাইজৰ সহযোগত দিনযোৰা চেষ্টাৰ অন্ততহে সন্ধিয়া হাতীটোক নিৰাপদে বোকাৰ পৰা পাৰলৈ উঠাবলৈ সক্ষম হয় । বন বিষয়া ৰোহিণী বল্লভ শইকীয়াই সদৰি কৰা অনুসৰি হাতীটোক নিৰাপদে উদ্ধাৰ কৰিলেও বাৰঘন্টাতকৈ অধিক সময় বোকাত থাকি উঠিবলৈ আপ্ৰাণ চেষ্টা কৰা বাবে হাতীটো কিছু দুর্বল হৈ পৰিছে । যাৰ বাবে ৰাইজৰ সহযোগত বনকৰ্মীৰ দলে হাতীটোক খাদ্যৰ বাবে কলগছৰ যোগান ধৰিছে ।

You might also like