Your Voice, Our Strength

আজি মালয়বাৰীত ৰাষ্ট্ৰীয় ক্ৰছ-কান্ট্ৰী চেম্পিয়নশ্বিপৰ বাছনি শিবিৰ।

ৰাজ্যৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহন।

আজিৰ খবৰ, গুৱাহাটী, ১৯ ডিচেম্বৰ : অসম এথলেটিকচ্ এছচিয়েশ্বনৰ উদ্যোগত আৰু মালয়বাৰী পঞ্চায়তৰ সহযোগত ক্ষেত্ৰীৰ মালয়বাৰীত আজি অনুষ্ঠিত হ’ব ৫৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰছ-কান্ট্ৰী চেম্পিয়নশ্বিপৰ অসম দলৰ বাছনি শিবিৰ। মালয়বাৰীৰ লক্ষ্মী মন্দিৰ খেলপৰাৰত অনুষ্ঠিত বাছনিত শিবিৰত অংশগ্ৰহন কৰিছে ৰাজ্যৰ বহুকেইখন জিলাৰ শতাধিক এথলীটে। লৰা-ছোৱালী উভয়ৰে ১৬ বছৰ অনুৰ্ধ্ব,১৮ বছৰ অনুৰ্ধ্ব,২০ বছৰ অনুৰ্ধ্বৰ লগতে পুৰুষ-মহিলা শাখাৰ খেলুৱৈসকলৰ মাজত এই বাছনি শিবিৰ অনুষ্ঠিত হ’ব।বাছনি প্ৰক্ৰিয়াৰ দৌৰৰ দূৰত্ব অনুৰ্ধ্ব ১৬ লৰা-ছোৱালীৰ ২ কিঃমি, অনুৰ্ধ্ব ১৮ লৰাৰ ৬ কিঃমি,ছোৱালীৰ ৪ কিঃমি, অনুৰ্ধ্ব ২০ লৰাৰ ৮ কিঃমি,ছোৱালীৰ ৬ কিঃমি , আনহাতে পুৰুষ-মহিলাৰ ১০ কি‌ঃমি।

You might also like