Your Voice, Our Strength

মাডাৰ্ছ অল্ড এজ হোমৰ শেহতীয়া বেমেজালিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদন্তৰ নিৰ্দেশ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মাডাৰ্ছ অল্ড এজ হোমত উপস্থিত মন্ত্ৰী অজন্তা নেওগ।

বৃদ্ধাশ্ৰমখনৰ শেহতীয়া ঘটনাৰাজি দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৃদ্ধাশ্ৰমখনত বিৰাজ কৰা পৰিস্থিতি সন্দৰ্ভত তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক।

 

প্ৰায় এসপ্তাহ ধৰি বৃদ্ধাশ্ৰমখন পৰিচালনা কৰি থকা উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবে বৃদ্ধাশ্ৰমখনত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে।ফলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ।

 

 

P&C

🔹 বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

 

🔹মাডাৰ্ছ অল্ড এজ হোমৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰিবৰ বাবে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

You might also like