Your Voice, Our Strength

প্ৰভাত গোস্বামীৰ “কেঞ্চাৰৰ কেলেণ্ডাৰত তুমি” উন্মোচন।

আজিৰ খবৰ, গুৱাহাটী, ২৯ ডিচেম্বৰ : মংগলবাৰে উলুবাৰী শ্মশানৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত প্ৰভাত গোস্বামীৰ “কেঞ্চাৰৰ কেলেণ্ডাৰত তুমি”গ্ৰন্থখন গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মাদেৱে উন্মোচন কৰে।উন্মোচনী ভাষণত শৰ্মাদেৱে এইবুলি মন্তব্য কৰে প্ৰভাত গোস্বামীয়ে এনে এখন গ্ৰন্থ পঢ়ুৱৈ সমাজৰ হাতত তুলি দিয়া বাবে লেখক গৰাকীক ধন্যবাদ জনোৱাৰ লগতে কৰ্কটৰোগী সকলৰ লগত মই প্ৰায় ওঠৰ বছৰ জড়িত হৈ আছিলো।এই গ্ৰন্থখন মোৰ হাতত অৰ্পণ কৰা বাবে মই আনন্দত অভিভূতহৈ পৰিছো মোৰ ভাষা হেৰাই গৈছে।এই গ্ৰন্থখন অসম তথা উত্তৰপূৰ্বাঞ্চলৰ কৰ্কটৰোগী সকলৰ লগতে অভিভাৱক সকলেও বহুত অভিজ্ঞতা লাভ কৰিব পাৰিব। উন্মোচনী সভাত গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া কৌচৰ হিলালীয়ে ভাষণ প্ৰসঙ্গত কয় গোস্বামীদেৱৰ এই গ্ৰন্থখনে কৰ্কটৰোগী সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে। উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া দীপক গোস্বামী,গৰিয়সীৰ সহকাৰী সম্পাদক অঙ্কুৰ ডেকা,লেখক তথা বাৰ্তাপখিলীৰ কাৰ্যবাহী সম্পাদক গোপাল জালান,বিশাল প্ৰকাশনৰ প্ৰকাশক ব্ৰজেন্দ্ৰ নাথ ডেকা,কবি তুলিকা ডেকা উপস্থিত থকাৰ লগতে লেখক প্ৰভাত গোস্বামীয়ে মন্তব্যত কয় তেখতৰ এই গ্ৰন্থখনে কৰ্কতৰোগী সকলৰ লগতে পঢ়ুৱৈসমাজে আকোৱালি লব বুলি আশা প্ৰকাশ কৰে।”কেঞ্চাৰৰ কেলেণ্ডাৰত তুমি”গ্ৰন্থখন গুৱাহাটী গ্ৰন্থমেলাত উপলব্ধ হ’ব।

You might also like