Your Voice, Our Strength

কামৰূপ মহানগৰ জিলাত গণৰাজ্য দিৱসৰ প্ৰস্তুতিমূলক সভা।

আজিৰ খবৰ, গুৱাহাটী, ২৯ ডিচেম্বৰঃ আগন্তুক গণৰাজ্য দিৱস উদ্যাপনৰ প্ৰস্তুতি সম্পৰ্কত বিভিন্ন বিষয় আলোচনা কৰিবলৈ আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। আৰক্ষী প্ৰশাসন, সামৰিক আৰু অসামৰিক বাহিনীৰ বিষয়-ববীয়া তথা বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থকা এই সভাত আগন্তুক গণৰাজ্য দিৱস উদ্যাপনৰ বাবে নিজ-নিজ দায়িত্বসমূহ সংশ্লিষ্ট বিভাগসমূহক অৰ্পন কৰা হয়। উদ্যাপনস্থলীত খোৱা-পানী যোগান, অস্থায়ী টয়লেট স্থাপন আদি কাম আগতীয়াকৈ সমাপন কৰাৰ লগতে পেৰেডত নিয়োজিত ব্যক্তিসকলৰ ক’ভিড পৰীক্ষা এদিনৰ আগত সম্পন্ন কৰবলৈ উপায়ুক্তই সভাত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।

You might also like