Your Voice, Our Strength

শ্ৰোতাৰ কাষ পালেগৈ সপোনৰ পৰিধি ফালি গৃহিনী জাহ্নৱীৰ এক সপোনৰ গীত।

আজিৰ খবৰ, গুৱাহাটী, ২৫ জানুৱাৰী : আজি গুৱাহাটী প্ৰেছ ক্লাবত, চেন্ট্ৰেল বৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনৰ আঞ্চলিক বিষয়া ৰাজীব লোচন বৰঠাকুৰ আদি বিশিষ্ট অতিথিৰ উপস্থিতিত উন্মোচিত হয় জাহ্নৱী গোস্বামী ভাগৱতীৰ কণ্ঠত প্ৰাণ পাই উঠা “সপোনৰ পৰিধি ফালি” শীৰ্ষক গীতটি। পাৰিবাৰিক জীৱন যাত্ৰা অব্যাহত ৰাখিও, হেৰোৱা সপোনবোৰ পূৰোৱাৰ মানসেৰে এইগৰাকী পঞ্চাশোৰ্দ্ধ মহিলাই নিজৰ প্ৰচেষ্টাত এই ভিডিঅ’ সংগীতটো শ্ৰোতা ৰাইজৰ মাজলৈ আগবঢ়াই দি এক নতুন উদাহৰণ দাঙি ধৰে !

গীতটি মুকলি অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজীৱ বৰঠাকুৰদেৱে কয়, “অনাগত দিন টো জাহ্নৱী ভাগৱতী য়ে এনে ধৰণৰ গীত অসমবাসী ৰাইজলৈ আগবঢ়াই যাব বুলি আশা কৰিছোঁ। তেওঁলৈ অশেষ শুভ কামনা থাকিল। অসমবাসীয়ে গীতটি আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিলোঁ। গীতটি সুৱলা হৈছে। গীতটিৰ কথা-সুৰ সুন্দৰ। গীতটি অসমবাসীয়ে আদৰি ল’ব।” গীতটি সম্পৰ্কে কিছু বক্তব্য ৰাখে কণ্ঠশিল্পী জাহ্নৱী ভাগৱতীয়ে, ” সৃষ্টি আৰু সপোনৰ পৃথিৱীত পৰিভ্ৰমনৰ বাবে বয়সৰ সীমা নাথাকে। মোৰ বিশ্বাস, মোৰ এই গীতটীয়ে সকলোকে প্ৰেৰণা যোগাব।” জাহ্নৱী গোস্বামী ভাগৱতীৰ কণ্ঠত বানীবদ্ধ হোৱা গীতটিৰ কথা -সুৰ বিকাশ পাটৰ, সংগীত ব্যৱস্থাপনা চন্দন মহন্ত, তবলা ৰাজা বৰুৱা, বাঁহী প্ৰদীপ বৰা আৰু সম্পূৰ্ণ কাৰিকৰী ব্যৱস্থাপনা কন্যা আকাংক্ষা আৰু পুত্ৰ অৰ্ণৱ ভাগৱতীৰ । JOLLYWOOD NOW ৰ দ্বাৰা গীতটিৰ অডিঅ’আৰু ভিডিঅ’ অন্যান্য মাধ্যম সমূহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব।

P&C
You might also like