Your Voice, Our Strength

ধাৰাপুৰ-জালুকবাৰী উৰণীয়া সেঁতুত পৰিবহণ বিভাগৰ ব্যাপক তালাচীৰে অলক্লিয়াৰ অভিযান।

কাহিলীপাৰা-সৰুসজাই-ছয়মাইল- খানাপাৰাত ডিমাণ্ড নটিছ প্ৰেৰণ কৰি নথিপত্ৰ নৱীকৰণ-কৰ আদায়ৰ সকীয়নি।

আজিৰ খবৰ, গুৱাহাটী, ৫ মাৰ্চ: নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে শুকুৰবাৰে মহানগৰীৰ ধাৰাপুৰ আৰু জালুকবাৰী উৰণীয়া সেঁতুত অতৰ্কিতে তালাচী অভিযানত নামে পৰিবহণ বিভাগৰ অভিযানকাৰী দল । সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধান আৰু উপস্থিতত যান-বাহন পৰিদৰ্শক কাণাই মহন্ত আৰু বলেন পাঠক, প্ৰবৰ্তক পৰিদৰ্শক মৰমী পাঠক আৰু মোজাম্মিল হুছেইনৰ লগতে সহকাৰী গোলাপী বৰা বৰদলৈ, ছফিকুল আহমেদ, বিনিতা কাথাৰ আৰু অণুপমা বৰ্মনৰ দলে বৃহৎ অঞ্চলটোত চলোৱা নিচিদ্ৰ তালাচী অভিযানত নথিপত্ৰ নৱীকৰনকে ধৰি যাৱতীয় কৰ অনাদায়ৰ ক্ষেত্ৰত ধৰা পৰে বিভিন্ন বিসঙ্গতি। তালাচী অভিযানৰ সময়ত সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে পাৰ্যমানে বাহনৰ মালিক আৰু চালকৰ কাষ চাপি সময়মতে কৰ পৰিশোধৰ গুৰুত্ব আৰু কৰ অনাদায়ৰ ক্ষেত্ৰত সন্মুখিন হ’বলগীয়া দিশসমূহ অৱগত কৰি এইক্ষেত্ৰত সকলোকে এগৰাকী দায়বদ্ধ নাগৰিকৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে তালাচীৰ সময়ত বাহনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি কৰ পৰিশোধ নকৰাৰ গুৰুত্বৰ তথ্য ধৰা পৰাৰ লগতে বহু চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, বীমা নথকা, ফিটনেছ আৰু প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰ নথকাৰ তথ্য ধৰা পৰাত ঠিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমণা বিহা হয় ৷ ইফালে উল্লিখিত স্থানসমূহত তালাচী অভিযান চলোৱাৰ উপৰি ভাগে ভাগে মহানগৰীৰ কাহিলীপাৰা, সৰুসজাই, ছয়মাইল, খানাপাৰা আদি ভিন ভিন অঞ্চলত কৰ পৰিশোধ নকৰা ব্যক্তিগত বাহনৰ মালিক, যানবাহন ব্যৱহাৰকাৰী ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানকে ধৰি বিভিন্ন নিৰ্মানকাৰী সংস্থাৰ দুৱাৰে দুৱাৰে উপস্থিত হৈ কুৰিৰো অধিক ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰে বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে যাৱতীয় কৰ আদায়ৰ বাবে সকীয়াই দিয়ে ৷ ইফালে এই বিষয়ত আওকাণ কৰিলে অনাগত দিনত সন্মুখীন হ’বলগীয়া বিপদ সন্দৰ্ভতো উল্লেখ কৰে ৷ উল্লেখ্য যে, কৰ সংগ্ৰহৰ সমান্তৰালভাৱে বিভাগৰ উদ্যোগত আজিও অব্যাহত থাকে পথ-সুৰক্ষাৰ সজাগতা অভিযান ৷

You might also like