Your Voice, Our Strength

কৰ পৰিশোধ নকৰা আৰু আইন উলংঘাকাৰী বাহনৰ বিৰুদ্ধে আজাৰা – ধাৰাপুৰত পৰিবহণ বিভাগৰ অভিযান।

৩ খন বাহন জব্দ ; ৮৩ টা গোচৰ ৰজু ।

আজিৰ খবৰ, গুৱাহাটী, ৮ মাৰ্চ: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিবহণ বিভাগক কৰ আদায় নিদিয়াকৈ পথত চলি থকা ব্যক্তিগত আৰু ব্যৱসায়িককে ধৰি সকলো ধৰণৰ যান বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়াৰ পাছতেই ৰাজ্যজুৰি “অপাৰেচন অলক্লিয়াৰ”ৰ অধীনত অব্যাহত আছে জিলা পৰিবহণ বিষয়া সকলৰ নেতৃত্বত বিভাগীয় অভিযান ।আনহাতে ৰাজ্যৰ আন আন জিলাৰ লগতে গুৱাহাটী মহানগৰীতো কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে পৰিবহণ বিভাগক বকেয়া আৰু যাবতীয় কৰ আদায় নিদিয়া , নথিপত্ৰৰ বিসংগতি থকা , যান বাহন আইন উলংঘা কৰি ৰাজপথত চলি থকা বাহনৰ বিৰুদ্ধে ফেব্ৰুৱাৰী মাহৰ পৰা ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । আনদিনাৰ দৰে আজিও কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত জিলাখনৰ যান বাহন পৰিদৰ্শক ( এম ভি আই ) আৰু প্ৰৱৰ্তক পৰিদৰ্শকৰ ( ই আই ) এটা দলে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাষ্ট্রীয় ঘাইপথৰ আজাৰা আৰু ধাৰাপুৰ অঞ্চলত আজি দিনৰ ভাগত এক বৃহৎ অভিযান চলায় । অভিযানকালত দীৰ্ঘদিন ধৰি কৰ অনাদায়ৰ লগতে যানবাহনৰ নথিপত্ৰৰ গুৰুতৰ বিসংগতি থকা ৩ খন বাহন জব্দ কৰা হয় । অভিযানৰ সমান্তৰালভাৱে শীঘ্ৰে বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে যাৱতীয় কৰ আদায়ৰ বাবে সকীয়াই দিয়ে অভিযানকাৰী দলটোৱে । তেনেদৰে “মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসম”ৰ অংশ হিচাপে পথ সুৰক্ষা সজাগতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সকলো চালকে যাতে ৰাজপথত নিয়ন্ত্ৰিত গতিবেগত বাহন চলায় তাৰ বাবেও আহ্বান জনোৱা হয় ।

P&C
You might also like