Your Voice, Our Strength

এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ উদ্যোগত মালিগাঁওত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন।

আজিৰ খবৰ, গুৱাহাটী, ৮ মাৰ্চ : এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ত থকা মহিলা শাখাৰ উদ্যোগত আজি সদৰ কাৰ্যালয়ৰ সন্মুখত থকা বাকৰিত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । সুগায়িকা সোণালী কেওট আৰু তেওঁৰ সংগীবিন্দৰ সমবেত সংগীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সদৰ কাৰ্যালয়কে ধৰি ৰেলৱেৰ বিভিন্ন কাৰ্যালয়ত কৰ্মৰত প্ৰায় ৫০০ মহিলা কৰ্মচাৰী উপস্থিত থাকে । আনহাতে মহিলা শাখাৰ সম্পাদিকা মিতালী দত্তৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত এন এফ ৰেলৱে মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী আভা গুপ্তা , উপ সভানেত্ৰী পুষ্পলতা গৌতম , সম্পাদিকা অনুপমা আগৰৱালা , জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰে আৰু স্বাধীনতাৰ ৭৫ বছৰ পাছতো দেশত এতিয়াও নাৰীয়ে নিজৰ অধিকাৰ , প্ৰাপ্য আদিৰ বাবে দাবী জনাব লগাটো দুখৰ বিষয় বুলি কয় । অনুষ্ঠানত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া , যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱা , সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ বৰ্মন , সাংগঠনিক সম্পাদক প্ৰণীতা মজুমদাৰ আৰু সীমা খানকে ধৰি কেবাজনো কৰ্মকৰ্তাই চমু ভাষণ দিয়ে । আনহাতে অনুষ্ঠানত সংগীত শিল্পী ডিম্পী সোণোৱাল আৰু মযুৰী দত্তই কেবাটাও গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । অনুষ্ঠানত মহিলা সবলীকৰণৰ বাবে কাম কৰি অহা কেবাজনকো সম্বৰ্ধনা জনোৱা হয় । শেষত শলাগৰ শৰাই আগবঢ়াই শাখা সভানেত্ৰী সবিতা ঠাকুৰীয়াই । আনহাতে ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ইউনিয়নৰ ৫ টা সংমণ্ডলৰ অন্তৰ্গত কেবাটাও শাখাই আজি বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে ।

You might also like