Your Voice, Our Strength

আজাৰাত আশা অভিবৰ্তন-আজাদী কি অমৃত মহোৎসৱ

আজিৰ খবৰ, গুৱাহাটী, ১৮ মাৰ্চ : আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি আজাদী কি অমৃত মহোৎসৱ আৰু আশা অভিবৰ্তন সম্পন্ন হয় । এই উপলক্ষে আয়োজিত সভাত পৌৰাহিত্য কৰে ড: ৰাতুল মজুমদাৰে । স্বাস্থ্য কেন্দ্ৰৰ বি পি এম যুগস্মীতা শইকীয়াই আত ধৰা সভাৰ উদ্দেশ্য বাখ্যা কৰে বি চি এম ধৰিত্ৰী বৈশ্যই । সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মহকুমা স্বাস্থ্য বিষয়া ড: ধ্ৰুৱজ্যোতি বৰুৱাই আজাদী কি অমৃত মহোৎসৱ আৰু আশা অভিবৰ্তনৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানৰ সৈতে সংগতিৰাখি আশাকৰ্মী সকলে গীত-নৃত্য, আবৃত্তি, সাজপাৰ প্ৰদৰ্শনকে ধৰি বিভিন্ন অনুষ্ঠান পৰিবেশনৰে উপস্থিত সকলোকে আপ্লুত কৰে । উক্ত অনুষ্ঠানতে কৰ্মক্ষেত্ৰত দেখুওৱা বিভিন্ন পাৰদৰ্শিতাৰ বাবে এ এন এম আৰু আশাকৰ্মীক সম্বৰ্ধনা জনোৱা হয় ।

You might also like