Your Voice, Our Strength

ৰঙাআলি সমন্বয় ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে ৰঙালী বিহু উদযাপন

আজিৰ খবৰ, গুৱাহাটী, ১৭ এপ্ৰিল : গুৱাহাটীৰ লংকেশ্বৰ আৰু খানাচিমুখ অঞ্চলৰ মাজভাগত অৱস্থিত পশ্চিম জালুকবাৰীৰ ৰূপালীম নগৰৰ মাদাৰ টেৰেছা পথৰ ৰঙাআলি সমন্বয় ক্ষেত্ৰত ১৫ এপ্ৰিল পহিলা বহাগত প্ৰথম বাৰৰ বাবে ৰঙালী বিহু উদযাপন কৰা হয় । পুৱা বিহু পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট লোক সংস্কৃতিবিদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ অৱসৰপ্ৰাপ্ত সচিব ডঃ প্ৰবীণ চন্দ্ৰ দাসে । তাৰ পাছত এক বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । তেনেদৰে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ , মহিলাৰ মাজত পিঠা – লাড়ু বনোৱা আৰু বিভিন্ন থলুৱা পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি অনুষ্ঠিত এক অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটাসমূহ বিতৰণী হয় । আনহাতে সন্ধিয়া তুলসী বৰুৱা সোঁৱৰণী মঞ্চৰ লগতে বিহুৰ সাংস্কৃতিক কাৰ্যসূচী উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কল্যাণ সঞ্চালক অধ্যাপক ৰাধাচৰণ ৰাভাই । নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মিনতি লহকৰ চৌধুৰীৰ পৰিচালনাত উপাসনা কলা কেন্দ্ৰৰ শিল্পী সকলে নৃত্য প্ৰদৰ্শন , স্বৰ্গদেউ বিহু হুঁচৰি দলে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও সংগীত শিল্পী মৃণাল কান্তি মেধি , অন্তৰা হাজৰিকা , কুমাৰ গৌৰৱকে ধৰি কেবাজনো স্থানীয় শিল্পীয়ে মাজনিশালৈকে গীত পৰিবেশন কৰি উপস্থিত কেবা শতাধিক লোকক আপ্লুত কৰে ।

P&C
You might also like