Your Voice, Our Strength

‘দীক্ষু ফাউণ্ডেচন’ৰ উদ্যোগত শিল্পীক সাহায্য প্রদান

অত্যাৱশ্যকীয় খাদ্য-সামগ্রী তথা দৈনন্দিন ব্যৱহার্য বস্তু বিতৰণ

আজিৰ খবৰ, গুৱাহাটী, ২৮ জুনঃ – বিগত বর্ষত কোৰোনা মহামাৰীৰ প্রথমটো ঢৌৰ পিছত চলিত বর্ষত মহামাৰীৰ দ্বিতীয়টো ঢৌত অসমৰ অন্যান্য বিভিন্ন উদ্যোগৰ লগতে বেয়াকৈ ক্ষতিগ্রস্ত হয় সাংস্কৃতিক ক্ষেত্রখন তথা ইয়াৰ সৈতে জড়িত লোকসকল । উল্লেখ্য যে, কোভিড পৰিস্থিতিত অন্যান্য কর্মক্ষেত্রৰ লগত জড়িত লোকসকলৰ নিচিনা শিল্পীসকলো আর্থিক দিশত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগা হৈছে । সংগীতৰ পৰা আৰম্ভ কৰি চলচ্চিত্রজগতলৈ প্রায় বিভিন্ন কর্মত নিয়োজিত ব্যক্তিসকলৰ এই সংকটকালীন সময়ত শিল্পীসকলক কিছু সকাহ প্রদানৰ নিমিত্তে সমাজৰ বিভিন্ন ব্যক্তি সময়ে সময়ে আগবাঢ়ি অহাটো নিশ্চিতভাৱে এক শুভবার্তা । আজি ‘দীক্ষু ফাউণ্ডেচন’ৰ উদ্যোগত অসমীয়া সংগীতজগতৰ বহু কেইগৰাকী নবীন-প্রবীন বাদ্যযন্ত্রীৰ লগতে কিছু সংখ্যক কলা-কুশলী, গাড়ীচালক, ৰান্ধনী, স্পটবয়ৰ মাজত অত্যাৱশ্যকীয় খাদ্য-সামগ্রী তথা দৈনন্দিন ব্যৱহার্য বস্তু বিতৰণ কৰা হয় । ‘দীক্ষু ফাউণ্ডেচন’ৰ উদ্যোগত অসমৰ জনপ্রিয় কণ্ঠশিল্পী দীক্ষু আৰু বিজিয়েটা পাটগিৰী-এ গুৱাহাটীৰ কাহিলীপাৰাস্থিত ‘জ্যোতি চিত্রবন’ত প্রায় পঞ্চাছগৰাকী শিল্পীৰ মাজত এই খাদ্য-সামগ্রী বিতৰণ কৰি এক সুন্দৰ নিদর্শন দাঙি ধৰে । উক্ত ফাউণ্ডেচনৰ উদ্যোগত বিগত বর্ষতো প্রায় ২০০তকৈও অধিক শিল্পীক সাহায্য প্রদান কৰা হৈছিল । উক্ত অনুষ্ঠানটিত কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘সংকটকালীন সময়ত আমি সমাজৰ বিভিন্ন ক্ষেত্রৰ লগত জড়িত লোকসকলে পৰস্পৰে পৰস্পৰক পার্যমানে কিঞ্চিৎ সহায় আৰু সহযোগিতা আগবঢ়ালেহে, এই সংকটৰ পৰা পৰিত্রাণ পাম ।’ ফাউণ্ডেচনৰ তত্ত্বাৱধানত এই সাহায্য প্রদান কার্যসূচী অনাগত দিনতো অব্যাহত থাকিব বুলি কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিয়ে তথা কোভিড মহামাৰীৰ সময়ত সকলোকে সজাগ আৰু সচেতন হৈ থকাৰ লগতে চৰকাৰৰ এছ অ’ পি মানি চলিবলৈ আহ্বান জনায় ।

P&C
You might also like