Your Voice, Our Strength

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা : একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বড়ো ভাষা।

♦️তামুলপুৰ জিলাৰ কচুবাৰীত অনুষ্ঠিত বড়ো সাহিত্য সভা অধিৱেশনৰ আজি অন্তিম দিন।বড়ো সাহিত্য সভা অধিৱেশনত বড়ো ভাষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।

 

♦️এতিয়াৰে পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বড়ো ভাষা।

 

P&C

♦️সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “আজি আমাৰ বাবে গৌৰৱৰ দিন।অসমৰ কোনো জনগোষ্ঠীয় সাহিত্য সভালৈ অহা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ল ৰামনাথ কোবিন্দ।

 

♦️অসমৰ এক বৃহৎ জনগোষ্ঠী হ’ল বড়ো জনগোষ্ঠী।আমি ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে বড়োৰ লগতে অন্যান্য জনগোষ্ঠীৰ ভাষাক আগবঢ়াই লৈ গৈ আছো।এতিয়াৰে পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীত বড়ো ভাষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ’ব।

 

♦️বড়ো ভাষাক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈও নিয়া হ’ব।অসমৰ বড়ো জনসংখ্যা থকা প্ৰতিখন জিলাতে একোটাকৈ বড়ো সাহিত্য সভা কাৰ্য্যলয় নিৰ্মাণৰ বাবে ৫০ লাখকৈ অনুদান দিম।”

 

You might also like