Your Voice, Our Strength

পদ্ম হাজৰিকাক কেবিনেট মৰ্যদাৰ দৰে আছে আজিৰ কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

কি কি সিদ্ধান্ত লোৱা হল কেবিনেট বৈঠকত ?

আজিৰ খবৰ, ৩০ জুন:বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ সপ্তমখন বৈঠক অনুষ্ঠিত হয়।আজিৰ কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় সমবায়সমূহলৈ পাঁচ লাখকৈ টকা ৷ ৮৬০ খন সমবায় সমিতিক বছৰত পাঁচ লাখ টকাৰ মঞ্জুৰি দিয়া হ’ব৷

১৬ জিলাত সমবায়সমূহে ট্ৰেন্সপৰ্টেচনৰ সুবিধা পাব। বিধায়ক পদ্ম হাজৰিকাক দিয়া হৈছে কেবিনেট মৰ্যদা ।পদ্ম হাজৰিকাৰ অধ্যক্ষতাত ছিপাঝাৰৰ গৰুখুটিৰ ৭৭ বিঘা মাতিত খেতি কৰাত কেবিনেটৰ অনুমোদন৷গৰুখুটিৰ পিছত পৰ্যায়ক্ৰমে তেওঁ আন দায়িত্ব পাব। মোবাইল টাৱাৰ স্থাপনৰ সিদ্ধান্ত ৷ অনলাইন ক্লাছ সুচাৰু ৰূপে চলাই নিবলৈ তথ্য-প্ৰযুক্তি বিভাগক মোবাইল নেটৱৰ্ক স্থাপনৰ বাবে কেশৱ মহন্তক দায়িত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ৷ সমবায় দোকান সুলভমূল্যৰ দোকানৰ ব্যৱসায়ী সকলক ১৪৩ টকা প্ৰতি কুইণ্টল দিয়াৰ ব্যৱস্থা,পূৰ্বতে এশ দহ পইচা পাইছিল৷ । আৰক্ষী কনিষ্টবলৰ পৰা শীৰ্ষ বিষয়ালৈকে পৰিয়ালৰ ওচৰলৈ যাবলৈ এমাহৰ বাধ্যতামূলক ছুটি। পৰিয়ালৰ লগত কোৱাৰ্টাৰত থকা বা ওচৰত থকা বিষয়াসকলক দহ দিনৰ ছুটি দিয়া হ’ব৷ কেবিনেটত লোৱা সিদ্ধান্ত বোৰ বিভাগসমূহে কাৰ্যকৰী কৰিছেনে নাই তাক পৰ্যালোচনা কৰিব তিনিজনীয়া মন্ত্ৰীৰ কমিটী গঠন। কমিটীত থাকিব  চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডা° ৰণোজ পেগু ৷

P&C

You might also like