Your Voice, Our Strength

২২ জুনৰ পৰা মহা অম্বুবাচী মেলা:২২ জুনৰ নিশা ৮ বাজি ১৮ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি

তিনিদিনৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ

আজিৰ খবৰ,১০ জুন: ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচলৰ বুকুত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা৷অম্বুবাচীক লৈ এতিয়া উখল-মাখল কামাখ্যা ধাম৷ ২২ জুনৰ নিশা ৮ বাজি ১৮ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ পিছতেই বন্ধ হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ৷ ২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব মন্দিৰৰ দুৱাৰ৷
২৬ জুনৰ পুৱা নিত্য পূজাৰ পাছতহে ভক্তৰ বাবে খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ৷স্থানীয় লোকৰ নিৰ্ধাৰিত বাহনৰ বাদে বাহনৰ চলাচলত নিষেধাজ্ঞ আৰোপ কৰা হৈছে৷ কামাখ্যালৈ যোৱা পথত ভক্তৰ বাবে থাকিব খোৱাপানীৰ ব্যৱস্থা৷ উল্লেখযোগ্য যে এইবাৰ নীলাচলত নাথাকিব ভক্তৰ বাবে থকাৰ কোনো ব্যৱস্থা৷ আনহাতে ভৰলুমুখ, বৰিপাৰা, নাহৰবাৰীতো নাথাকিব ভক্তৰ বাবে কেম্প৷ফাঁচীবজাৰ, গোশালা, পাণ্ডুত থাকিব ভক্তৰ বাবে কেম্পৰ ব্যৱস্থা কৰা হ’ব৷নীলাচলৰ ভিন্ন প্ৰান্তত সংস্থাপন কৰা হ’ব চি চি টিভি কেমেৰা৷ কভিডৰ বাবে বিগত দুটা বছৰে অনুষ্ঠিত হোৱা নাছিল মহা অম্বুবাচী মহোৎসৱ৷এই সময়ছোৱাত কেৱল মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা অম্বুবাচীৰ ধৰ্মীয় পূজা-পাতলসমূহ অনুষ্ঠিত হৈছিল৷ ইতিমধ্যে কভিডৰ প্ৰকোপ নাই যদিও মন্দিৰ কৰ্তৃপক্ষই মহা অম্বুবাচী মহোৎসৱ কভিড সংক্ৰান্তীয় বাধ্যবাধকতাৰ মাজেৰেই পালনৰ সিদ্ধান্ত লৈছে৷

You might also like