Your Voice, Our Strength

বিলাসী বাহনৰ গৰাকীয়ে পৰিবহন বিভাগক বকেয়া আদায় নিদিলে ৰুজু হ’ব গোচৰ

বকেয়া কৰ শীঘ্ৰে আদায় দিবলৈ আহ্বান

আজিৰ খবৰ,২ জুলাই : বিশ্বৰ আন দেশৰ লগতে ভাৰততো ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰা ক’ভিড মহামাৰীয়ে ভয়াৱহ পৰিবেশৰ সৃষ্টি কৰিছে । বৰ্তমানেও তাৰ ভয়াবহতা অব্যাহত আছে । কিন্তু ক’ভিডৰ গইনা লৈ বহু যান বাহনৰ গৰাকী তাকো বিলাসী বাহনৰ বিত্তবান গৰাকীয়ে বছৰ বছৰ ধৰি পৰিবহন বিভাগক বকেয়া কৰ আদায় নিদিয়াকৈ ৰাজপথত অনৈতিকভাবে বাহন চলাই আছে । পহিলা জুলাইত কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিভাগে গুৱাহাটীৰ জি এছ ৰোডৰ এ বি চি পইণ্ট আৰু গণেশগুৰীত পথ সুৰক্ষা সজাগতা আৰু বকেয়া কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে চলোৱা অভিযানত এই ভয়ংকৰ বিষয়টো ধৰা পৰে । জিলা পৰিবহন বিষয়াদ্বয় গৌতম দাস আৰু হিমাংশু দাসৰ নেতৃত্বত চলোৱা অভিযানত যান বাহন পৰিদৰ্শকদ্বয় কানাই মহন্ত আৰু জয়সিং ৰংফাৰ , প্ৰৱৰ্তক পৰিদৰ্শকদ্বয় নিতুল চেতিয়া আৰু গণেশ হাজৰিকাই সহযোগ কৰে । এই সন্দৰ্ভত জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে ক’ভিডৰ বাবে ২০২০ বর্ষৰ পৰা পৰিবহনৰ এৰিয়াৰ বা বকেয়া কৰ আদায়ৰ সময়সীমা চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে । কিন্তু পহিলা জুলাইত চলোৱা অভিযানত একেৰাহে পাঁচ বছৰৰো অধিক কাল ধৰি বকেয়া কৰ আদায় নিদিয়া বহু বাহন ধৰা পেলোৱা হয় । ইতিমধ্যে তেনে বাহনৰ বিৰুদ্ধে মটৰ পৰিবহন আইনৰ অধীনত গোচৰ ৰজু কৰা হৈছে । কিয়নো ক’ভিড হোৱা ডেৰ বছৰ হোৱাই নাই । কিন্ত ক’ভিডৰ নাম লৈ বহু যান বাহনৰ গৰাকীয়ে ইচ্ছাকৃতভাৱে বকেয়া কৰ আদায় দিয়া নাই । ইয়াৰ বহু সংখ্যকেই বিত্তবান লোক আৰু তেওঁলোকৰ একাংশই নিজৰ ব্যক্তিগত বাহনৰ এবাৰ পাচ বছৰীয়া পথকৰ আদায় দিয়াৰ পাচত পৰৱৰ্তী দহ বছৰৰ বাবে দিবলগীয়া বকেয়া পথকৰ আদায় নিদিয়াকৈ বাহন চলাই আছে । তেওঁলোকৰ বাহনৰ পঞ্জীয়ন পত্ৰৰ ম্যাদ স্বয়ংক্ৰিয়ভাবে উকলি গৈছে । তেনেদৰে একাংশ বহুজাতিক কোম্পানীৰ ৰাজহুৱা পৰিবহন সেৱাৰ বহু বাহনেও ক’ভিডৰ গইনা লৈ বছৰ বছৰ ধৰি বকেয়া কৰ আদায় নিদিয়াকৈ পথত অবৈধভাৱে চলাচল কৰি আছে । ফলত পৰিবহন বিভাগৰ নিৰ্ধাৰিত ৰাজহ কমি যোৱাৰ ফলত ৰাজকোষত মাধমাৰ খাবলগীয়া হৈছে । যাৰবাবে পৰিবহন বিভাগে যান বাহনৰ গৰাকী সকলক ক’ভিডৰ পূৰ্বৰ বছৰ সমূহৰ বকেয়া কৰ শীঘ্ৰে অনলাইন বা আন মাধ্যমৰ জৰিয়তে হলেও আদায় দিবলৈ আহ্বান জনাইছে ।

P&C
You might also like