Your Voice, Our Strength

পৌৰ নিগমৰ নিৰ্বাচনলৈ টঙালি বান্ধিলে কংগ্ৰেছে

কংগ্ৰেছেত যোগদান বিজেপিৰ জিলা পৰিষদৰ সদস্যৰ

আজিৰ খবৰ ,২ জুলাই= আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত গত বিধান সভা নিৰ্বাচনৰ অন্তত কংগ্ৰেছ কৰ্মী সকলৰ মাজত উৎসাহ আৰু উদ্দীপনা বৃদ্ধি তথা সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ গুৱাহাটী মহানগৰী জিলা কংগ্ৰেছৰ এখন উদ্দীপনা সভা অনুষ্ঠিত হয় | উক্ত সভাত সভাপতিত্ব কৰে ৰাজ্য সভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই | উক্ত সভাতে নিৰ্বাচনৰ প্ৰাক্ ক্ষণত বিজেপিয়ে দিয়া মিথ্যা প্ৰতিশ্ৰুতি বিশেষকৈ মাইক্ৰফাইনেন্সৰ ৠণ ৰেহাই সম্পৰ্কে নিৰ্বাচনৰ অন্তত বিজেপিয়ে মৰা ওলোটা খৰকে ধৰি নানানটা বিষয়ত অসন্তুস্ত হৈ আৰু ৰিপুন বৰাৰ গতিশীল নেতৃত্বৰ প্ৰতি আস্থা ৰাখি বিজেপিৰ নিৰ্বাচিত প্ৰাক্তন জিলা পৰিষদৰ সদস্য দ্বীপক কলিতা, কামৰূপ জিলা কৃষাণ মৰ্চাৰ প্ৰাক্তন সম্পাদিকা প্ৰতিভা নাথ, আৰু বহু কেইজন বিজেপি সদস্য ক্ৰমে অভিজিৎ বায়ন, লক্ষ্যধৰ মহন্ত, যদু ঠাকুৰীয়াই কংগ্ৰেছ দলত যোগদান কৰে | কʼভিদ অতিমাৰিৰ ফলত বহুদিনৰ মূৰত পুনৰ একেলগ হোৱা কাৰ্যই কংগ্ৰেছ কৰ্মী সকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয় |কৰ্মী সকলক সম্বোধি দিয়া ভাষণত ৰিপুন বৰাই ধনেজনে শক্তিশালী, মিথ্যা প্ৰচাৰ সৰ্বস্ব তথা ব্যাপক হিতাধিকাৰী সৃষ্টিৰে জাতিটোক অকামিলা কৰিবলৈ প্ৰস্তুত হোৱা বিজেপি দলৰ লগত মাত্ৰ .৮৯% ভোটত পিছ পৰা কাৰ্যত উৎসাহ নেহেৰুৱাবলৈ কৰ্মী সকলক আহ্বান জনাই , লগতে তেওঁ উল্লেখ কৰে যে বহু সময়ত বহু দ্বিগজ নেতা বিশেষকৈ প্ৰয়াত মোৰাৰজী দেশাই, ভিপি সিং, পি এ চাংমা, শাৰদ পাৱাৰৰ দৰে নেতাইও কংগ্ৰেছ এৰি গৈছিল | তথাপিও কংগ্ৰেছ দল বটবৃক্ষৰ দৰে আজিও থিয় হৈ আছে উল্লেখ কৰে ৰিপুন বৰাই । সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰাৰ সম্পৰ্কেও আজিৰ সভাত বিস্তৰ ভাবে আলোচনা হয়।

P&C
You might also like