Your Voice, Our Strength

আজিৰে পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত মহা অম্বুবাচী মহোৎসৱ

কামাখ্যা ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই

আজিৰ খবৰ, গুৱাহাটী, ২১ জুন, ২০২২ : কভিড পৰিস্থিতি কিছু উন্নতি হোৱাৰ পাছত দুটা বছৰৰ বিৰতিৰ অন্তত ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচল পাহাৰৰ শক্তিপীঠ কামাখ্যা মন্দিৰত আৰম্ভ হব অম্বুবাচী মহোৎসৱ । ইতিমধ্যে অম্বুবাচী মহোৎসৱ যাতে সুচাৰুভাৱে সম্পন্ন হয় তাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সকলো ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে । সমান্তৰাল ভাৱে অম্বুবাচী মেলা পৰিচালনা কমিটি আৰু মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা বৰদেউৰী সমাজেও সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশ্যে প্ৰথম বাৰৰ বাবে এইবাৰ কামাখ্যা মন্দিৰ চৌহদত ভক্তৰ থকা – খোৱাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা ৰখা হোৱা নাই । তেনেদৰে নামনি কামাখ্যাৰ পৰা দিবাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাহিৰে সকলোৱে তলৰ পৰা খোজ কাঢ়ি অহাযোৱা কৰিব লাগিব । দিবাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাবে প্ৰশাসনে ফেৰী গাড়ীৰ ব্যৱস্থা কৰিছে । আনহাতে বাহিৰৰ পৰা অহা ভক্তৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে জিলা প্ৰশাসনৰ সহযোগত ফাঁচিবজাৰৰ পুৰণি জেল চৌহদ , কামাখ্যা ৰেল ষ্টেচন চৌহদ আৰু পাণ্ডু নদী বন্দৰ চৌহদত এটাকৈ মুঠ তিনিটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে । সেই তিনিওটা শিবিৰত প্ৰায় ৩০ হাজাৰ ভক্তই আশ্ৰয় লব পাৰিব । তেনেদৰে শিবিৰৰ পৰা নামনি কামাখ্যালৈ ২২ জুনৰ পৰা ২৬ জুনলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিশেষ বাছ সেৱা চলাচল কৰিব । আজি কামাখ্যা ৰেল ষ্টেচন চৌহদত এই বিশেষ বাছ সেৱা উদ্ধোধন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং , কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁ , অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা , পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস , অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপ মহা প্ৰৱন্ধক বিজু ডেকাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে এইবেলি তিনিওটা শিবিৰৰ পৰা নামনি কামাখ্যালৈ ভক্তক বিনামূলীয়াকৈ অনা নিয়া কৰাৰ বাবে পৰিবহণ নিগমৰ মুঠ ৮০ খন বাছ চলাচল কৰিব । তেনেদৰে ফেৰী গাড়ী হিচাপে মন্দিৰৰ ওপৰলৈ চলাচল কৰিব নিগমৰ ৮ খন ইলেকট্ৰনিক বাছ । ইতিমধ্যে অম্বুবাচীলৈ মাজতে মাত্ৰ কেই ঘণ্টামান বাকী থকা অৱস্থাত দূৰ দূৰণিৰ পৰা অহা ভক্তৰে ভৰি পৰিছে তিনিওটা শিবিৰ আৰু মন্দিৰ চৌহদ ।

You might also like