Your Voice, Our Strength

নগাঁৱৰ লাওখোৱাত সমূহীয়া বীজতলীত বীজ সিঁচি কৃষকৰ সৈতে ট্ৰেক্টৰেৰে মাটি চহ কৰিলে কৃষিমন্ত্ৰীয়ে

বানাক্ৰান্ত কৃষকক সকাহ দিবলৈ ৰাজ্যজুৰি সমূহীয়া কঠীয়াতলী স্থাপন কৰা হ'বঃ কৃষিমন্ত্ৰী অতুল বৰা

আজিৰ খবৰ, নগাঁও, ৩০ জুন, ২০২২ : নগাঁৱৰ লাওখোৱা চৰকাৰী বীজপামত আজি জিলা কৃষি বিভাগৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ কৃষক উৎপাদক সংস্থাৰ সহযোগত আয়োজিত সমূহীয়া বীজ সিঁচা পৰ্বত কৃষিমন্ত্ৰী অতুল বৰাই অংশ লৈ কৃষকসকলেৰে একেলগে ট্ৰেক্টৰেৰে মাটি চহ কৰে আৰু কৃষকসকলক উৎসাহিত কৰে। এই অনুষ্ঠানত অংশ লৈ কৃষিমন্ত্ৰী বৰাই কয় : ৰাজ্যখনৰ ৩২ খন জিলাৰ ৭,২৬২ খন গাঁৱৰ ৬,৮৩,৭৮৫টা কৃষক পৰিয়াল শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১,৪৩,০০০ হেক্টৰৰো অধিক কৃষিভূমি জলমগ্ন হৈছে। নগাঁও জিলাখনৰো ৩,৩৩৮ খন গাঁৱৰ ৩৫,০০০ৰো অধিক কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৯,০০০ হেক্টৰৰো অধিক কৃষিভূমি জলমগ্ন হৈছে।

 

৬ হেক্টৰ ভূমিত আজি নগাঁৱত সিঁচা বাহাদুৰ চাব-১ শীৰ্ষক বানপানী সহনশীল তথা কমসময়ৰ ভিতৰতে উৎপাদনক্ষম জাতৰ ধানৰ এই প্ৰজাতিবিধৰ বীজসমূহে বানত কঠীয়া নষ্ট হোৱা নগাঁৱৰ কৃষকসকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।

P&C

সম্প্ৰতি নগাঁও জিলাৰ বান পৰ্যবেক্ষণ আৰু তদাৰকত ব্যস্ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বানত ক্ষতিগ্ৰস্ত কৃষকসকলক সকাহ দিবৰ বাবে বানৰ কবলত পৰা প্ৰতিখন জিলাত পৰ্যাপ্ত পৰিমাণৰ সমূহীয়া কঠীয়াতলী স্থাপন আৰু উন্নতমানৰ ধানৰ বীজ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে সংশ্লিষ্ট বিষয়াসকলক এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়াৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমযোগে অৱগত কৰে। তেওঁ কয় : এইবছৰ ক্ষতিগ্ৰস্ত কৃষকসকলে ক্ষতিপূৰণ নিৰ্ধাৰিত সময়তকৈ আগতেই লাভ কৰিব, সেয়েহে বিভাগীয় ক্ষতিপূৰণ প্ৰদান প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰি তোলাৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আজিৰ এই অনু্ষ্ঠানটিত নগাঁৱৰ জিলা কৃষি বিষয়া শ্ৰী তৰুণ হাজৰিকা, মহকুমা কৃষি বিষয়াসকল ক্ৰমে শ্ৰী প্ৰাণেশ্বৰ নাথ, শ্ৰীৰঞ্জন প্ৰতীম ডেকা, শ্ৰী বিষ্ণু শৰ্মা, শ্ৰী মিজানুৰ ৰহমান চৌধুৰী প্ৰমুখ্যে ব্ৰহ্মপুত্ৰ কৃষক উৎপাদক সংস্থাটোৰ সদস্যসকল আৰু কৃষকসকল উপস্থিত আছিল।

You might also like