Your Voice, Our Strength

জালুকবাৰী , গাড়ীগাঁও ঈদগাহ ময়দানত ঈদ – উজ – আজহাৰ সমূহীয়া নামাজ সম্পন্ন

আজিৰ খবৰ, গুৱাহাটী, ১০ জুলাই, ২০২২ : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগৰ উৎসৱ স্বৰূপ ঈদ – উজ – আজহা উপলক্ষে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত আজি পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয় । আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী আৰু গাড়ীগাঁও ঈদগাহ ময়দানতো কভিডৰ বাবে দুবছৰ বিৰতিৰ অন্তত পুৱা ৮ বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয় । গাড়ীগাঁও ঈদগাহ ময়দানত প্ৰায় আঠ হাজাৰৰো অধিক লোকৰ উপস্থিতিত সমূহীয়া নামাজত ইমামতি কৰে গুৱাহাটী বিশ্ববিদ্যালয় মছজিদৰ পেছ ইমাম মৌলানা মুফটি মুস্তাফিজুৰ ৰহমানে । নামাজৰ পূৰ্বে উপস্থিত সকলোকে আদৰণি জনায় গাড়ীগাঁও ঈদগাহ কমিটিৰ সভাপতি আলহাজ আলতাফ হুছেইনে কোৰবাণী সন্দৰ্ভত চৰকাৰে বান্ধি দিয়া নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনায় । আনহাতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক আজনুৰ আলীয়ে ।
তেনেদৰে জালুকবাৰী ঈদগাহ ময়দানত প্ৰায় তিনি হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠিত সমূহীয়া নামাজত ইমামতি কৰে উত্তৰ জালুকবাৰী এক নং জামে মছজিদৰ ইমাম মৌলানা ৰহুল আমিন আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদৰ ইমাম মৌলানা মুফটি মোৱাজুদ্দিনে । নামাজৰ পূৰ্বে অনুষ্ঠিত এক চমু অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনাই পবিত্ৰ ঈদ – উজ – আজহাৰ উদ্দেশ্য বাখ্যা কৰে জালুকবাৰী ঈদগাহ কমিটিৰ সভাপতি আলহাজ ইব্ৰাহিম আলীয়ে । আনহাতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি সাধাৰণ সম্পাদক আবুল আলীয়ে এইবেলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোৰবাণী সন্দৰ্ভত ইছলাম ধৰ্মী ৰাইজক যি আহ্বান জনাইছে তাক আদৰণি জনায় আৰু ইয়াক সকলোৱে মানি চলিলে সমাজত শান্তি শৃংখলা অটুট থাকিব বুলি কয় । তেনেদৰে কোষাধ্যক্ষ নাছেম আলীয়ে জানিবলৈ দিয়া মতে নামাজৰ লগত সংগতি ৰাখি ইমাম , ঈদগাহ , মছজিদ , কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হয় ।

You might also like