Your Voice, Our Strength

সঞ্চালকৰ অৱহেলাত স্থবিৰ হৈ পৰিছে ৰাজ্যৰ সৈনিক কল্যাণ সঞ্চালকায়ৰ কাম কাজ

বাহিৰা ব্যক্তিৰ সলনি ৰাজ্যৰ স্থায়ী বাসিন্দাকহে সঞ্চালক পদত নিযুক্তিৰ দাবী

আজিৰ খবৰ, গুৱাহাটী, ২৮ জুলাই, ২০২২ : কেন্দ্ৰীয় চৰকাৰৰ নীতি – নিৰ্দেশনা অনুসৰি দেশৰ স্থল , নৌ আৰু বায়ু সেনাকে ধৰি সশস্ৰ বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া – জোৱান আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ লোকৰ কল্যাণৰ বাবে প্ৰতিখন ৰাজ্যতে গঠন কৰা হৈছিল সৈনিক কল্যাণ সঞ্চালকালয় । তেনেদৰে সৈনিক কল্যাণ সঞ্চালকালয় সমূহ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অধীনত পৰিচালিত হয় যদিও ইয়াৰ সকলো বিষয়া – কৰ্মচাৰী নিযুক্তি সশস্ৰ বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া – জোৱান বা তেওঁলোকৰ বিধবা পত্নী , নিৰ্ভৰশীল পৰিয়ালৰ সদস্যৰ পৰাহে হয় । তাৰোপৰি পৰম্পৰা অনুসৰি সঞ্চালকৰ পৰা আৰম্ভ কৰি চাফাই কর্মীলৈকে সকলো পৰ্যায়ৰ বিষয়া – কৰ্মচাৰী ৰাজ্যৰ স্থায়ী বাসিন্দা হব লাগে । উল্লেখযোগ্য যে গুৱাহাটীৰ ৰাজগড়স্থিত ” সৈনিক ভৱন”ত থকা সঞ্চালকালয়ৰ অধীনত প্ৰতিখন জিলাতে আছে এটাকৈ জিলা সৈনিক কল্যাণ বিষয়াৰ কাৰ্যালয় । আনহাতে সঞ্চালক পদটোৰ কাৰ্যকাল পাঁচ বছৰ আৰু পদটোত অধিষ্ঠিত হবলৈ হলে তেওঁ সেনা , নৌ আৰু বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল বা ব্ৰিগেদিয়াৰ পৰ্যায়ৰ বিষয়া হব লাগে । ইমানখিনিলৈকে ঠিকেই আছিল যদিও ২০১৭ চনত ছেপ্টেম্বৰ মাহত প্ৰথম বাৰৰ বাবে সঞ্চালক পদত বহিঃ ৰাজ্যৰ পৰা আহি নিযুক্তি লাভ কৰা যোশী উপাধিৰ বিষয়া জনৰ কেতবোৰ কাৰ্যকলাপৰ বাবে সৈনিক কল্যাণ সঞ্চালকালয়ৰ বিভাগীয় কাম – কাজত স্থবিৰতা আহি পৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । কিয়নো প্ৰাক্তন সৈনিক বা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ লোকৰ বাবে ৰাজ্য চৰকাৰেও বহু আঁচনি গ্ৰহণ কৰি আহিছে । প্ৰাপ্ত অভিযোগ অনুসৰি কেৱল নিজৰ চকীখনক লৈ ব্যস্ত থকা সঞ্চালকজনে অসমীয়া ভাষা কব আৰু বুজি নোপোৱাৰ বাবে অৱসৰপ্ৰাপ্ত বা কৰ্তব্যৰ সময়ত মৃত্যু হোৱা বিধবা পত্নী সকলৰ বহুতেই তেওঁলোকে ভোগ কৰি অহা সমস্যা সমূহ সঞ্চালকক অৱগত কৰাত ব্যৰ্থ হৈছে । উল্লেখযোগ্য যে সঞ্চালকজনে বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে এখনকৈ বৈঠক অনুষ্ঠিত কৰিব লাগে । সেই অনুসৰি পাঁচ বছৰত পাঁচখনকৈ মুঠ ১০ খন বৈঠক অনুষ্ঠিত হব লাগিছিল । কিন্ত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে বিগত সময়চোৱাত মাত্ৰ এখনকৈ বৈঠক অনুষ্ঠিত হৈছে । তেনেদৰে ৰাজ্য প্ৰশাসনৰ মুৰব্বী হিচাপে মুখ্য সচিবৰ সৈতে বছৰত দুখনকৈ মুঠ ১০ খন বৈঠক অনুষ্ঠিত কৰিব লাগিছিল । কিন্তু আজি পৰ্যন্ত মুখ্য সচিবৰ সৈতে এখনো বৈঠক অনুষ্ঠিত নহল । ইয়াৰ উপৰিও সৈনিক কল্যাণ বৰ্ডৰ উপাধ্যক্ষ হিচাপে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীৰ সৈতে বছৰেকত এখনকৈ বৈঠক অনুষ্ঠিত কৰিব লাগিছিল । কিন্তু আজি পৰ্যন্ত মন্ত্ৰীৰ সৈতে এখনো বৈঠক অনুষ্ঠিত নহল । আনহাতে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত – সচিবৰ সৈতে চাৰি মাহৰ মূৰত এখন অৰ্থাৎ বছৰেকত তিনিখন বৈঠক অনুষ্ঠিত কৰিব লাগে । সেই অনুসৰি বিগত পাঁচ বছৰত হব লাগিছিল ১৫ খন বৈঠক । কিন্তু অভিযোগ অনুসৰি সেই বৈঠকো এখনো অনুষ্ঠিত নহল । অৰ্থাৎ বিগত সময়চোৱাত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে দুখন বৈঠকৰ বাহিৰে এখনো বৈঠক অনুষ্ঠিত নোহোৱা বাবে স্বাভাৱিকতে সঞ্চালকালয়ৰ কাম – কাজ বহুখিনী বাধাপ্ৰাপ্ত হৈছে । বিশেষকৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে জড়িত কাম – কাজ সমূহ একেবাৰে গেঁথেলা মাৰিছে । ফলত অৱসৰপ্ৰাপ্ত সৈনিক বা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ লোকসকলে বহু আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত হবলগীয়া হৈছে । ইফালে সঞ্চালকালয়ৰ বিত্তীয় লেনদেন সমূহ আগতে সঞ্চালক সকলে চেকযোগে সম্পন্ন কৰিছিল । কিন্তু এতিয়াৰ সঞ্চালকজনে নগদ ধনযোগে সম্পন্ন কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে । লক্ষ্যনীয় বিষয়টো হল এয়ে যে অহা ছেপ্টেম্বৰ মাহত বৰ্তমানৰ যোশী উপাধিৰ সঞ্চালকজনৰ পাঁচ বছৰীয়া কাৰ্যকাল উকলিব যদিও তেওঁ এতিয়া কাৰ্যকাল বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ওপৰত বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰাৰ বাবে নানান কূট কৌশল অৱলম্বন কৰিছে বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ মতে ২০১৭ চনত অসমৰ কোনো অঞ্চলৰ বাসিন্দা বুলি আবেদন কৰা সঞ্চালকজনৰ প্ৰকৃত ঘৰ হল মহাৰাষ্ট্ৰতহে । কিন্তু নাগপুৰৰ কোনো আৰ এছ এছৰ নেতাৰ হেঁচাত নতশিৰ হৈ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোশীক বহিঃ ৰাজ্যৰ লোক হোৱা স্বত্তেও তেওঁৰ নিযুক্তিত অনুমোদন দিছিল বুলি তেতিয়াই অভিযোগ উত্থাপিত হৈছিল । অথচ ১৯৬৩ চনত স্থাপন হোৱা সঞ্চালকালয়ৰ ইতিহাসত সঞ্চালক পদত অধিষ্ঠিত হোৱা যোশীয়ে হৈছে প্ৰথমজন বহিঃ ৰাজ্যৰ পৰা অহা লোক ।

You might also like