Your Voice, Our Strength

আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰয়াত গোবিন্দ চৌধুৰীৰ সোঁৱৰণীত ‘স্মৃতি সুৰভি’ অনুষ্ঠান

আজিৰ খবৰ, গুৱাহাটী, ৩১ জুলাই, ২০২২ : আজি গুৱাহাটী প্ৰেছ ক্লাবত আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰয়াত গোবিন্দ চৌধুৰীৰ সোঁৱৰণীত গ্ৰন্থ উন্মোচন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে USTMৰ প্ৰ’ উপাচাৰ্য তথা আৰোহণ ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা বলেন্দ্ৰ কুমাৰ দাসে

P&C

অনুষ্ঠানত প্ৰয়াত গোবিন্দ চৌধুৰীৰ জীৱনভিত্তিক কিছু তথ্য, সমল আৰু কবিতাৰে এখনি গ্ৰন্থ ”গোবিন্দ চৌধুৰীৰ জীৱন আৰু কবিতা” শুভ উন্মোচন কৰা হয়।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে USTMৰ প্ৰ’ উপাচাৰ্য বলেন্দ্ৰ কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, ডাঃ বেদব্ৰত পাঠক

প্ৰয়াত গোবিন্দ চৌধুৰীৰ সুপুত্ৰ দিগন্ত চৌধুৰীয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰা, আৰোহণ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তথা সঞ্চালিকা ড° সীমা বৰাই সভাৰ আৰম্ভণি কৰা উক্ত অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক ডিম্পী ভৰালীয়ে

অনুষ্ঠানত বিশিষ্ট শিল্পী গুনেশ্বৰ ভূঞা, খগেন কলিতা, জন্মী দাস, ৰমেশ ঠাকুৰীয়াক দিপালী দাসক আৰোহণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আজীৱন শিল্পী প্ৰয়াত গোবিন্দ চৌধুৰীৰ সোঁৱৰণীত শিল্পী সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
উক্ত ‌অনুষ্ঠানতে জয়ন্ত পাটগিৰি, প্ৰণীতা বৰ্মন আৰু যুৱশিল্পী মাধূৰ্য্য গোস্বামীকো আৰোহণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সদৌ শেষত আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালিকা ড০ সীমা বৰাই প্ৰয়াত গোবিন্দ চৌধুৰী দেৱ চৰকাৰী স্বীকৃতি পোৱাৰ যোগ্য বুলি মন্তব্য কৰাৰ লগতে অসম চৰকাৰলৈ অনুৰোধ জনাই কয় যে বিষয়টোত অসম চৰকাৰে সঁহাৰি জনাব বুলি তেঁও আশাবাদী।

You might also like