Your Voice, Our Strength

গুৱাহাটীত মেলোৰাৰ প্ৰথমটো আধুনিক অভিজ্ঞতা কেন্দ্ৰ মুকলি

আজিৰ খবৰ, গুৱাহাটী, ১৪ আগষ্ট, ২০২২ : ভাৰতৰ দ্ৰুততম বিকাশশীল ডি২চি ব্ৰেণ্ডবোৰৰ ভিতৰত অন্যতম মেলোৰাই আজি গুৱাহাটীৰ চিটি চেণ্টাৰ মলত ইয়াৰ প্ৰথমটো অভিজ্ঞতা কেন্দ্ৰ মুকলি কৰে।

 

বিপনীখনে মহিলাসকলৰ বাবে একবিংশ শতিকাৰ পাতল, নিখুঁত, বৰ্তমান প্ৰচলিত, মডুলাৰ আৰু ফেশ্বনেবল সোণৰ গহনা মুকলি কৰিছে। এতিয়া সমগ্ৰ ভাৰতত মেলোৰাৰ এনে ধৰণৰ ১৬ টা কেন্দ্ৰ আছে আৰু অনাগত বৰ্ষসমূহত আৰু ৩৫০ টা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

 

P&C

মেলোৰাই ফেশ্বনেবল সোণৰ গহনাবোৰৰ প্ৰতি থকা দৃষ্টিভংগীক পুনৰ সংজ্ঞায়িত কৰিছে যাতে গ্ৰাহকসকলে কেৱল উৎসৱৰ সময়ত হে ক্ৰয় নকৰি ইয়াক শেহতীয়া ট্ৰেণ্ডৰ সৈতে সামঞ্জস্যপূৰ্ণ ফেশ্বন ষ্টেটমেন্ট হিচাপে কিনিব পাৰে! মেলোৰাৰ সৈতে গ্ৰাহকসকলে গহনাসমুহৰ স্পৰ্শ, অনুভৱ, আৰু পৰীক্ষাকে ধৰি এক নিৰৱচ্ছিন্ন বাছনি আৰু ক্ৰয় অভিজ্ঞতা লাভ কৰে।বৰ্তমান ব্ৰেণ্ডটোৱে মুঠ ৭১৮ খন জিলা আৰু পিন ক’ডত ডেলিভাৰী প্ৰদান কৰি আছে।

 

এই সম্পৰ্কে এক বক্তব্যত মেলোৰাৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া সৰোজা য়েৰামিলিয়ে কয়,”আজিৰ মহিলাসকলে তেওঁলোকৰ দৈনন্দিন কামবোৰৰ সৈতে মিলি যোৱা গহণা ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে।এই চাহিদাকেই মূলধন হিচাপে লৈ, মেলোৰাই গ্ৰাহকসকলক ১৭,০০০+ ডিজাইনৰ সৈতে ট্ৰেণ্ড-অনুপ্ৰাণিত পাতল আৰু ফেশ্বনেবল সোণৰ গহনা সুলভ মূল্যত প্ৰদান কৰে। আমি আমাৰ গ্ৰাহকসকলৰ সোণৰ গহনা গ্ৰহণ কৰা ধৰণ সলনি কৰিবলৈ সক্ষম হৈছো।আমি তেওঁলোকক আমাৰ নতুনকৈ আৰম্ভ কৰা গুৱাহাটী কেন্দ্ৰৰ অভিজ্ঞতা লাভ কৰিবলৈ আদৰণি জনাইছো।”

You might also like